এনে মানুহ থাকিলে কিয় লাগে  ভগৱান..

এনে মানুহ থাকিলে কিয় লাগে  ভগৱান..

মৃদুল কুমাৰ সন্দিকৈ

দেওবাৰৰ দিনা তেওঁৰ ব্যস্ততা বাঢ়ে। আনে দেওবাৰটো নিজৰ বাবে থয়, তেওঁ দেওবাৰটো উচৰ্গা কৰে আনৰ বাবে। কি কৰে তেওঁ জানিলে শ্ৰদ্ধাত মূৰ দো খাই যাব।

বৰ ধনী মানুহ তেওঁ নহয়। ধনেৰে ধনী নহ'লেও মনেৰে তেওঁ ধনী। পৃথিৱীত আজিও এনে মানুহ আছে। যি আনৰ কথা ভাবি সাঁচতীয়া ধনেৰে এই কামবোৰ কৰি পৰম সুখ লাভ কৰে।

প্ৰচাৰবিমুখ মানুহজনে ২০২০ চনত ক'ভিডৰ বাবে লকডাউন হোৱাৰ সময়ত প্ৰত্যক্ষ কৰিছিল বহু মানুহে এসাঁজ খাবৰ বাবে হাহাকাৰ কৰি ফুৰিছে।

সেইদিনা তেওঁ ওলাই গৈছিল। ২০ জন মান তেনে ভোকাতুৰ মানুহক পৰঠা আৰু পানী কিনি দিছিল। আঠশ মান টকা খৰচ হৈছিল তেওঁৰ। সেয়াই আছিল আৰম্ভণি।

তাৰ পাছত মানুহজনে ভাবিলে এই ২০জন মানুহৰ বাবে ভাতৰ ব্যৱস্থা ৫০০ মান টকাতেই কৰিব পাৰি। সেই লকডাউনৰ সময়ত প্ৰথমে শনি, দেওবাৰে আৰু পৰৱৰ্তী সময়ত প্ৰায় প্ৰতিদিনেই মানুহজনে তেনে কিছু অভাবী মানুহক দুপৰীয়া আহাৰ যোগান ধৰিছিল। দ্বিতীয়বাৰ লকডাউনৰ হোৱাৰ পাছত দুই থালি খিচিৰি, ৮/৯ প্লেট কণী সিজাই প্ৰতিদিনাই ডেৰশ মান লোকক খাবলৈ দিছিল।

মানহজন আহিব বুলি বাটৰ মগনীয়া, ৰিক্সা চালক, পেলনীয়া সামগ্ৰী বিচাৰি ফুৰা সৰু ল'ৰা-ছোৱালী, মানসিকভাৱে অসুস্থ লোক ৰৈ থাকে। মানুহজনৰ চিন্তাবোৰ আনতকৈ পৃথক। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে লকডাউনৰ সময়ত আহ্বান জনাইছিল ইজনে সিজনক সহায় কৰক। সেই আহ্বানে তেওঁৰ মনত অংকুৰিত কৰিছিল এনে এক চিন্তাৰ।

তেওঁৰ এখন পুৰণি ভেন আছে। ৰঙা ৰঙৰ এই ভেনখনৰ নম্বৰ AS 06 E 3084। সেই বাহনখনতে খাদ্য সামগ্ৰী ভৰাই লৈ গোলাঘাটৰ উইংগাৰ ষ্টেণ্ডৰ পৰা খাদ্য সামগ্ৰী বিতৰণ প্ৰক্ৰিয়া আৰম্ভ কৰে। তাতে ৪০জন মান মানুহক এতিয়া তেওঁ খাদ্য দিয়ে।

তাৰ পাছত সেই পথেৰে আগবাঢ়ে বাটাৰ পইন্টলৈ। ইয়াতো কিছু সংখ্যক লোকক খাদ্য যোগান ধৰি আগবাঢ়ে জে'ল মাৰ্কেটৰ দিশে। সেই পথতো বহুজনক খাদ্য বিতৰণ কৰি আবেলি ঘৰলৈ উভতে।

লকডাউনৰ পাছত গড়ে প্ৰতি দেওবাৰে ৬০জনৰো অধিক লোকক খাদ্য দি আহিছে তেওঁ। এয়া তেওঁৰ বাবে মানসিক প্ৰশস্তি। আগতে ফৰকাটিঙলৈও তেওঁ গৈছিল।

এনে মানৱ সেৱা সঁচাই বিৰল। যোৱা দুটা বছৰ তেওঁ এই কাম কৰি আহিছে। তেওঁৰ এনে সেৱা পূৰ্ণ মনোভাৱ দেখি বহুলোকে তেওঁক সহায় কৰিবলৈ আহে। তেওঁ সেয়েহে এটা নিয়ম কৰি লৈছে। কোনোবাই যাদি এই অনাহাৰে থকা লোকসকলক সহায় কৰিব খোজে তেনেহ'লে নিৰ্ধাৰিত নূন্যতম ধন দিলেই সেই লোকজনৰ হৈ তেওঁ সকলোখিনি কৰি মানুহবোৰক খাদ্যৰ ব্যৱস্থা কৰি দিয়ে।

কাৰোবাৰ জন্মদিন, কাৰোবাৰ বিবাহ বাৰ্ষিকী, কাৰোবাৰ মৃত্যু তিথিত এই ব্যক্তিজনৰ জৰিয়তে তেনে লোকসকলক খাদ্য খোৱাবলৈ এতিয়া বহুলোক আগবাঢ়ি আহিছে। মানুহে দেখিছে চকুৰ আগত এক নিৰন্তৰ প্ৰচেষ্টাৰে এই লোকজনে নিস্বাৰ্থ ভাবে কি কৰি আছে।

তেওঁৰ ভাষাত – বহুলোকে খাদ্য খোৱাব বিচাৰে। কেতিয়াবা সময় দিবলৈ টান হয়। দুই-তিনিটা দেওবাৰ অপেক্ষা কৰিব লাগে। কিয়নো আগতেই বুক কৰি নথলে বিচৰা দিনাখনেই তেনে ব্যৱস্থা কৰি দিবলৈ অসুবিধা হয়।

কিমান টকানো তেওঁ লয় এনেকুৱা এসাঁজ ভাতৰ বাবে। তেওঁৰ মতে ১৫ শ টকা কোনোবাই ভাত খোৱাবলৈ কিবা উপলক্ষ্যত দিলে ছয়াবিন, লুবিয়া ( দাইলৰ দৰে) আৰু দুই প্লেট কণীৰে মানুহবোৰক খুওৱা হয়।

কোনেবাই ২ হাজাৰ দিলে ৰাজমাহ আৰু পনীৰে ভাত দিওঁ। হিচাপ কৰি কৰি সেইবোৰ কিনে। দুই কেজি ৰাজমাহ, আঢ়ৈ কেজি পনীৰে ২ হাজাৰ টকাত ৬০-৭০ জন মানুহক খুৱায়।

২৫ শ টকা ব্যয় কৰিও তেওঁৰ জৰিয়তে বহু মানুহে এই লোকসকলক দেওবাৰৰ দিনা খাদ্য খুৱাব পাৰে। ২৫ শ টকাত ৰাজমাহ, পনীৰ আৰু এটা ৰসগোল্লা থাকে।

তেওঁ কৈছিল – কোনোবাই মোক আহি অনুৰোধ কৰিলে যদি খালী থাকে তেনেহ'লে এই তিনি ধৰণে ১৫০০, ২০০০, ২৫০০ টকা ব্যয়েৰে খাদ্য খুৱাব পাৰে। খাদ্য ৰন্ধা, বিতৰণ কৰা সেই সকলোবোৰ আমি কৰি দিওঁ। মিঠাই খুৱালে একোটাকৈ ৰসগোল্লা দিওঁ। এটা ৰসগোল্লাত ৮ টকাকৈ পৰে। চাউলৰ ক্ষেত্ৰত মই কমপ্ৰমাইজ নকৰো। তেওঁলোকক সদায় ৩৫ টকাৰ ৰাজা চাউলেই দিওঁ। ৭ কেজি লাগে মোক ৬০ জনক খুৱাবলৈ।

মানুহজন ইমান প্ৰচাৰবিমুখ যে তেওঁ এইবোৰ কথা কেতিয়াও প্ৰচাৰ কৰিবলৈ দিব নিবিচাৰে। তেওঁৰ মতে ভগৱানৰ ইচ্ছাত কিবা এটা কৰি আছো। কি কৰিছো সেয়া সেই লোকসকলে অনুভৱ কৰে।

প্ৰথমে বন্ধু এজনৰ ঘৰত এইবোৰ ৰান্ধিছিল। এতিয়া তেওঁৰ ঘৰতেই ৰন্ধা-বঢ়াখিনি কৰি লৈ যায়। দেওবাৰৰ দিনা পুৱা ৮ বজাতেই বজাৰলৈ ওলাই। সকলোখিনি সাজু কৰোতে সময় লাগে। নিৰ্ধাৰিত সময়ত ঠাইবোৰ পাবগৈ লাগে।

মানুহজনে কি কৰে জানিবলৈ ইচ্ছা গৈছিল। তেওঁ কলে – "সৰু-সুৰা দুই-এটা ব্যৱসায় কৰো মই। চাহবাগানৰ চি টি চি ফেক্টৰীৰ চাহপাত প্ৰডাকশ্যনৰ মেচিনবোৰত কিছুমান বেল্ট থাকে। চীনৰ পৰা আহে এই বেল্টবোৰ। সেই বেল্টবোৰৰ ৰিপেয়াৰিঙৰ কাম কৰো মই।"

সংসাৰ বুলিবলৈ তেওঁৰ পত্নী, দুটা ল'ৰা আৰু মাতৃ। ডাঙৰ ল'ৰাৰ বয়স ৬ বছৰ ৬ মাহ, সৰুটোৰ বয়স আঢ়ৈ বছৰ। এতিয়া তেওঁৰ এই মানুবোৰক লৈয়ে পৰিয়াল।

মানুহজনে কিছুদিন যোগ শিক্ষক ৰূপেও কাম কৰিছিল। গাঁৱে-ভূঁঞে গৈ বিনামূলীয়াকৈ যোগ শিক্ষা দিছিল। এতিয়া তেওঁ যোৱা দুই-আঢ়ৈটা বছৰ এই কামতে ব্যস্ত। মাহত কেতিয়াবা ৪-৫ টা দেওবাৰ পৰে। কোনোবাই খাদ্য দিবলৈ আগবাঢ়ি নাহিলে নিজেই সকলো ব্যৱস্থা কৰে।

এই কামৰ বাবে তেওঁৰ পকেটৰ পৰাই খৰচ হয়। গাড়ীৰ তেল, গেছ আন বহু ব্যয় তেওঁৰ নিজৰ। খাদ্য তৈয়াৰো তেওঁ নিজেই কৰে। সহযোগ কৰে প্ৰেম ছেত্ৰী, অৰ্জুন খানালে।

মানুহবোৰে তৃপ্তিৰে খালে তাতেই তেওঁৰ সন্তুষ্টি। খাই থকা মানুহবোৰক সুধে- "কেনে হৈছে খানা?"  মানুহবোৰে কয়- 'বহুত ধুনীয়া।' কিয়নো তেওঁ আন্তৰিকতাৰে এই কাম কৰি আছে। দেখুৱবলৈ নহয়, মনৰ ভিতৰৰ তাগিদাত তেওঁ যিমান কষ্ঠ হ'লেও এই কাম কৰি যাব খোজে।

প্ৰসংগ ক্ৰমে তেওঁ কৈছিল – "আজি দেওবাৰ, পুৱাৰে পৰাই ব্যস্ত। এতিয়া ভাত পাতি থৈছো। নহৰু, আদা ৯.৩০ৰ পৰাই গুচাই ৰেডি কৰি থৈছো। ১ বজাত ওলাই যাম।" ৭ আগষ্টৰ ২০২২ত দুপৰীয়া প্ৰায় ১০ মান বজাত তেওঁৰ সৈতে কথা পাতোতে এইদৰে কৈছিল – "১৪ আগষ্টলৈকে আমাৰ বুক আছে। পাৰভেজ আলীৰ বায়েক আহিছিল দুদিনৰ আগতে এই দেওবাৰে খোৱা দিবলৈ। পাৰভেজ আলী এই সংসাৰত নাই। তেওঁৰ জন্মদিন সোমবাৰে। সেয়েহে মানুহখিনিক কিবা এটা খুৱাব বিচাৰিছিল। দেওবাৰেহে কেৱল  আমি খাদ্য দিওঁগৈ। সেয়েহে ক'লো আপোনালোকে দিব বিচাৰিলে ১৪ আগষ্টত দিব লাগিব। তেওঁ ২ হাজাৰ  টকা দি গৈছে।"

খাদ্যৰ বাবে ধন দিয়া মানুহবোৰো আহে। আমাৰ সৈতে গৈ তেওঁলোকেও মানুহবোৰৰ মাজত খাদ্য বিতৰণ কৰে। ঠাণ্ডা দিনত তেওঁ এই লোকসকলৰ মাজত কম্বল বিতৰণ কৰে। যোৱা বছৰ ১১৫খন কম্বল বিতৰণ কৰিলে।

তেওঁৰ সপোন, প্ৰতিখন জিলাতেই এইধৰণৰ কাম কৰিব পাৰে। তেতিয়া কোনেও ভোকত থাকিব নালাগে। ভোকত থকাজনেহে জানে ভোকৰ যান্ত্ৰনা। ইয়াৰ উপৰিও এই কামটো হেনো আত্মীয়তাবোধ গঢ়ে। মানুহক এক কৰে। ভাষা-ধৰ্ম-বৰ্ণৰ ভেদা-ভেদ নাথাকে।

তেওঁৰ নাম দিপু গগৈ। গোলাঘাটৰ জইন মন্দিৰৰ ওচৰৰ এল কে বৰুৱা পথত ঘৰ। মানুহৰ ভিৰত মানুহ হেৰাই যোৱাৰ সময়ত সঁচাই ব্যতিক্ৰমী তেওঁ। দেওবাৰ মানেই তেওঁৰ বাবে ভীষণ ব্যস্ততা। মানুহবোৰক খুৱাই ঘূৰি আহিহে ভাবে নিজৰ কথা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in