আহি আছে এটি বিশেষ দিন, কোকৰাঝাৰত আৰক্ষীৰ পদযাত্ৰা…

আহি আছে এটি বিশেষ দিন, কোকৰাঝাৰত আৰক্ষীৰ  পদযাত্ৰা…

ডিজিটেল সংবাদ, কোকৰাঝাৰ: অসম আৰক্ষীয়ে ৰাষ্ট্ৰপতি নিচান প্ৰাপ্তিৰ পিছত কোকৰাঝাৰত সদৰ চহৰত দেওবাৰে আৰক্ষীয়ে বেণ্ড বজাই বিশাল পদযাত্ৰা সম্পন্ন কৰে ৷ কোকৰাঝাৰ আৰক্ষীৰ উদ্যোগত আৰু চৰাইখোলাস্থিত সপ্তম অসম আৰক্ষী বেটেলিয়ানৰ সহযোগত বাহিৰ হোৱা বৃহৎ পদযাত্ৰা কাৰ্যসূচীয়ে সদৰ চহৰ পৰিভ্ৰমন কৰে ।

কোকৰাঝাৰ সদৰ আৰক্ষী থানাৰ পৰা আৰম্ভ হোৱা আৰক্ষীৰ পদযাত্ৰা কাৰ্যসূচী পতাকা জোঁকাৰি আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে সপ্তম অসম আৰক্ষী বেটেলিয়ানৰ অধিনায়ক মৃনাল তালুকদাৰে । আজিৰ কাৰ্যসূচীত উপস্থিত আছিল ১২৯ নং চিআৰপিএফৰ অধিনায়ক গুলাব সিঙ, জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক সুৰজিৎ সিং পানেছাৰ, উপ আৰক্ষী অধীক্ষক পুনম পেগু আৰু কোকৰাঝাৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মনেশ্বৰ বে' ৷

ৰাষ্ট্ৰপতিৰ নিচান পোৱাটো অসম আৰক্ষীৰ বাৱে গৌৰবৰ বিষয় বুলি মন্তব্য কৰি বিগত ২৫ বছৰজুৰি অসম আৰক্ষীয়ে অতি নিষ্ঠা আৰু সততাৰে জনসাধাৰণৰ হিতাৰ্থে কাম কৰি অহা বুলি মন্তব্য কৰিছে অতিৰিক্ত আৰক্ষী অধীক্ষক সুৰজিৎ সিঙ পানেছাৰে ৷ উল্লেখ্য যে অহা ১০ মে'ত গৃহমন্ত্ৰী অমিত শ্বাহ অসম ভ্ৰমনলৈ আহিব আৰু উক্ত সময়ছোৱাতে অসম আৰক্ষীলৈ ৰাষ্ট্ৰপতি নিচান আগবঢ়াব ৷

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in