/asomiyapratidin/media/media_files/2025/12/04/1-2025-12-04-12-35-05.jpg)
ডিজিটেল ডেস্কঃ তেজপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্যগৰাকী যোৱা ২২ ছেপ্টেম্বৰৰ পৰা সন্ধানহীন হৈ থকাৰ ঘটনা বৰ্তমান সৰ্বত্ৰে চৰ্চিত। ফলস্বৰূপে বিগত প্ৰায় আঢ়ৈ মাহেঅস্থিৰ হৈ বিশ্ববিদ্যালয়খনৰ শৈক্ষিক পৰিবেশ। এই পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি তেজপুৰ বিশ্ববিদ্যালয়ৰ পৰিচালনা সমিতিয়ে আজি ১২৬ সংখ্যক বিশেষ জৰুৰীকালীন বৈঠকৰ আয়োজন কৰিছে।
বৃহস্পতিবাৰে বিয়লি ৪ বজাত উক্ত বৈঠকখন অনুষ্ঠিত হ'ব। লগতে অন লাইন আৰু অফ লাইন দুয়োধৰণে সভাত অংশ ল'ব পাৰিব বুলি বিশ্ববিদ্যালয়ৰ পৰিচালনা সমিতিয়ে জানিবলৈ দিছে। উক্ত বৈঠকত পৰিচালনা সমিতিৰ সন্মানীয় সদস্যসকলক উপস্থিত থাকিবলৈ আহ্বান জনাইছে সমিতিয়ে।
উল্লেখযোগ্য যে, বৈঠকৰ বিষয় তথা কাৰ্যসূচীসমূহ আলোচনাৰ সময়তে উপস্থাপন কৰা হ'ব। এই বৈঠকত পৰিচালনা সমিতিৰ সদস্য সকলে https://meet.google.com/njt-jwix-xcg উল্লেখিত লিংকৰ জৰিয়তেও অংশ ল'ব পাৰিব।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us