পুনৰ কাশ্মীৰত সন্ত্ৰাসবাদীৰ বৃহৎ আক্ৰমণ….

পুনৰ কাশ্মীৰত সন্ত্ৰাসবাদীৰ বৃহৎ আক্ৰমণ….

পুনৰ কাশ্মীৰত সন্ত্ৰাসবাদীৰ বৃহৎ আক্ৰমণ….

ডিজিটেল ডেস্কঃ পুনৰ কাশ্মীৰত সন্ত্ৰাসবাদীৰ আক্ৰমণ। আৰক্ষী আৰু চি আৰ পি এফৰ জোৱানক লক্ষ্য কৰি সংঘটিত কৰিছে এই আক্ৰমণৰ ঘটনা। সন্ত্ৰাসবাদীৰ এই আক্ৰমণত শ্বহীদ হৈছে দুগৰাকী আৰক্ষী জোৱান আৰু দুগৰাকী সাধাৰণ নাগৰিক। আনহাতে গুৰুত্বপূৰ্ণভাৱে আহত হৈছে দুগৰাকী আৰক্ষী জোৱান। আহত আৰক্ষী জোৱান দুজনক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে।

জানিব পৰা মতে সন্ত্ৰাসবাদীসকলে সোপোৰাৰ আৰানপোৰাত নিয়জিত আৰক্ষী আৰু চি আৰ পি এফ নাকা দলক লক্ষ্য কৰি গুলীচালনা কৰিছিল। এই গুলীচালনাতে দুজনকৈ আৰক্ষী আৰু দুজন স্থানীয় লোকৰ মৃত্যু হোৱাৰ লগতে দুজন আৰক্ষী আহত হৈছে। ইফালে সন্ত্ৰাসবাদীৰ এই আক্ৰমণত আৰক্ষীৰ এখন বাহনো বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে। সন্ত্ৰাসবাদী দলটোৱে এই আক্ৰামণ সংঘটিত কৰি পলায়ন কৰিছে। ইফালে আক্ৰমণৰ ঘটনা সংঘটিত হোৱা অঞ্চলটো বৰ্তমান সেনাই ঘেৰাও কৰি সন্ত্ৰাসবাদী কেইটাক ধৰিবলৈ অনুসন্ধান চলাই আছে।

সন্ত্ৰাসবাদীৰ এই আক্ৰমণৰ ঘটনা সন্দৰ্ভত কাশ্মীৰ জ'নৰ আই জি বিজয় কুমাৰে সংবাদ মাধ্যমৰ আগত জনোৱা অনুসৰি এই আক্ৰমণৰ আঁৰত সংন্ত্ৰাসবাদী সংগঠন লস্কৰ-ই-তৈবা জৰিত আছে।

উল্লেখ্য যে কাশ্মীৰত ধাৰাবাহিকভাৱে সন্ত্ৰাসবাদী সংগঠেনে সুৰক্ষা কৰ্মীক লক্ষ্য কৰি আক্ৰমণ সংঘটিত কৰিবলৈ চেষ্টা কৰি আছে। যোৱা সোমবাৰে সুৰক্ষা কৰ্মীক আক্ৰমণ সংঘটিত কৰিবলৈ সন্ত্ৰাসবাদীয়ে চলোৱা দুটাকৈ অপচেষ্টাক সুৰক্ষা কৰ্মীয়ে ব্যৰ্থ কৰিছিল।শ্ৰী নগৰৰ নগৰ নিগমৰ বাহিৰত আৰু ত্ৰাল অঞ্চলত সন্ত্ৰাসবাদীয়ে সুৰক্ষা কৰ্মীক উদ্দেশ্য কৰি আই ই ডি স্থাপন কৰিছিল। অৱশ্যে এই আই ই ডি বস্ফোৰণ হোৱাৰ পূৰ্বেই সুৰক্ষা কৰ্মীয়ে সন্ত্ৰাসবাদীৰ এই অপচেষ্টাক ব্যৰ্থ কৰিছিল। এই আই ই ডিৰ ওজন পাঁচৰ পৰা সাত কেজি পৰ্যন্ত আছিল। ইয়াৰ উপৰিও শুক্ৰবাৰেও আৰক্ষী আৰু চি আৰ পি এফক লক্ষ্য কৰি কাশ্মীৰত সন্ত্ৰাসবাদী সংগঠনে কেইবাজাই গুলী চালনা কৰিছিল। আৰক্ষী আৰু চি আৰ পি এফৰ জোৱানলৈ লক্ষ্য কৰি গুলী চালনা কৰি সন্ত্ৰাসবাদীৰ দলটো পলায়ন কৰিছিল। অৱশ্যে এই আক্ৰমণৰ ঘটনাত এজনো সুৰক্ষা কৰ্মীৰ ক্ষতি হোৱা নাছিল।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in