প্ৰথমে ছাত্ৰ-ছাত্ৰীক ভেকচিন দিয়ক তাৰ পিছত পৰীক্ষা পাতকঃ দাবী আকসাৰ…

প্ৰথমে ছাত্ৰ-ছাত্ৰীক ভেকচিন দিয়ক তাৰ পিছত পৰীক্ষা পাতকঃ দাবী আকসাৰ…

প্ৰথমে ছাত্ৰ-ছাত্ৰীক ভেকচিন দিয়ক তাৰ পিছত পৰীক্ষা পাতকঃ দাবী আকসাৰ…

ডিজিটেল সংবাদ শিলছৰঃ কোৰোনা ভাইৰাছৰ সংক্ৰমণ হ্ৰাস পালেই আগষ্ট মাহত ৰাজ্যত অনুষ্ঠিত হ'ব মাধ্যমিক আৰু উচ্চমাধ্যমিকৰ পৰীক্ষা। ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই  এই বিষয়ত ইতিমধ্যে মন্তব্য প্ৰকাশ কৰিছে। আনহাতে ৰাজ্যৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুৱেও পৰীক্ষা অনুষ্ঠিত কৰিব বুলিয়েই বিভন্ন সময়ত মন্তব্য কৰি আহিছে। তেওঁ শিক্ষাৰ্থীসকলক পৰীক্ষাৰ বাবে সাজু হৈ থাকিবলৈ পৰামৰ্শ আগবঢ়াইছে।বিগত ফেব্ৰুৱাৰী মাহতে ৰাজ্যত মাধ্যমিক আৰু উচ্চ মাধ্যমিকৰ পৰীক্ষা অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও কোৰোনাৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ বাবে প্ৰায় ছমাহ সময় পৰীক্ষা পিছুৱাই দিবলগীয়া হ'ল।কিন্তু এই পৰ্যন্ত ৰাজ্যত কোৰোনাৰ সংক্ৰমণ হ্ৰাস নোপোৱাত পৰীক্ষাক লৈ এতিয়াও আঁতৰা নাই অনিশ্চয়তা। ইয়াৰ মাজতে সদৌ কাছাৰ কৰিমগঞ্জ হাইলাকান্দি ছাত্ৰ সংগঠন চমুকৈ আকসাই ৰাজ্যৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুক সাক্ষাৎ কৰি পৰীক্ষা বাতিল কৰিবলৈ দাবী উত্থাপন কৰিছিল। সংগঠনটোৰ দাবী, যদি পৰীক্ষা অনুষ্ঠিত হয় তেনে প্ৰত্যক ছাত্ৰ-ছাত্ৰী আৰু শিক্ষককে কোৰোনাৰ ভেকচিন প্ৰদান কৰক। আনহাতে  পৰীক্ষা বাতিল কৰিলে ছাত্ৰ-ছাত্ৰীক এইধৰণে নম্বৰ প্ৰদান কৰক, যাতে তেওঁলোকে আগন্তুক সময়ত অনুষ্ঠিত হ'বলগীয়া বিভিন্ন  প্ৰৱেশিকা পৰীক্ষাত কোনোধৰণৰ অসুবিধাৰ সন্মুখীন নহয়।

বৰাক উপত্যকাৰ এই ছাত্ৰ সংগঠনটোৱে শুক্ৰবাৰে শিলছৰত এই বিষয়ত এক সংবাদ মেল অনুষ্ঠিত কৰি ৰাজ্যৰ মাধ্যমিক আৰু উচ্চমাধ্যমিক পৰীক্ষা সন্দৰ্ভত নিজৰ মন্তব্য দাঙি ধৰে। সংবাদ মেলখনত উপস্থিত থাকে সংগঠনটোৰ সভাপতি সুব্ৰত দাস, সম্পাদক সুকোমল দাস, সাধাৰণ সম্পাদক মধুমিতা দে, জয়শ্ৰী নাথ আৰু ছাইদুৰ ৰহমান, বৰ্ষীয়ান শিক্ষাবিদ তথা সংগঠনটোৰ উপদেষ্টা নিৰঞ্জন দত্ত আৰু মুখ্য উপদেষ্টা নন্দী পুৰকায়ষ্ঠ।  

সংবাদ মেলখনত সংগঠনটোৱে জনোৱা অনুসৰি বিগত সময়ত ৰাজ্যৰ শিক্ষামন্ত্ৰীগৰাকীক শিলছৰত সাখ্যাৎ কৰি সংগঠনটোৱে এখন স্মাৰক পত্ৰ দাখিল কৰিছে। স্মাকৰ পত্ৰখনত উল্লেখ কৰিছে যে, বিগত সময়ত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজেই ঘোষণা কৰিছিল চি বি এছ চিৰ পৰীক্ষা বাতিল কৰা হ'ব। তেওঁৰ ঘোষণা অনুসৰিয়েই চি বি এছ চিৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষা বাতিল কৰা হৈছে। চি বি এছ চিক অনুসৰণ কৰিয়েই উৰিষ্যা, তামিলনাডু, কৰ্ণাটক, মহাৰাষ্ট্ৰ, উত্তৰপ্ৰদেশ, ৰাজস্থান, হাৰিয়ানা, গুজৰাটসহ ১২ খন ৰাজ্যৰ শিক্ষা ব'ৰ্ডে দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষা বাতিল কৰিছে।ইয়াৰ বিপৰীতে অসম চৰকাৰে আগষ্ট মাহত পৰীক্ষা অনুষ্ঠিত কৰাৰ ইংগীত প্ৰদান কৰিছে।অসম চৰকাৰৰ এনে কাৰ্যই ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত অনিশ্চয়তাৰ মাজলৈ ঠেলি দিব।

সংবাদ মেলখনত উপস্থিত থকা শিক্ষাবিদ নিৰঞ্জন দত্তই এই বিষয়ত প্ৰশ্ন উত্থাপন কৰি কয়, ১৯৮০ ৰ দশকত অসম আন্দোলনৰ বাবে অসম চৰকাৰে এটা শিক্ষাবৰ্ষ সম্পূৰ্ণৰূপে বাতিল কৰিছিল। এটা আন্দোলনৰ বাবে যদি ইমান বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰা সম্ভৱ আছিল তেনেহ'লে য'ত ছাত্ৰ-ছাত্ৰীৰ জীৱন বিপদাপন্ন হৈ আছে, সেই সময়ত পৰীক্ষা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত কিয়? প্ৰধানমন্ত্ৰীয়ে নিজে কেন্দ্ৰীয় ব'ৰ্ডৰ পৰীক্ষা বাতিল কৰিছে আৰু সেই পথ অনুসৰণ কৰি অন্যান্য ৰাজ্যয়ো একেটা সিদ্ধান্ত গ্ৰহণ কৰিছে। অসম চৰকাৰে অতিৰিক্ত বাহাদুৰি প্ৰদৰ্শন কৰি ছাত্ৰৰ জীৱন যাতে বিপদাপন্ন কৰি নুতোলে এই দাবী আমি উত্থাপন কৰিছো।

আনহাতে ছাত্ৰ সংগঠনটোৰ সম্পাদক সুকোমল দাসে কয়, আমি শিক্ষামন্ত্ৰীৰ ওচৰত দাবী উত্থাপন কৰিছো, যদি সম্ভৱ হয় তেনেহ'লে পৰীক্ষা বাতিল কৰক। যদি তেওঁ ভাৱে পৰীক্ষা অনুষ্ঠিত কৰিব লাগে তেনে প্ৰতিজন শিক্ষাৰ্থী আৰু শিক্ষকক প্ৰথমে ভেকচিন প্ৰদান কৰিব লাগে। ভেকচিন প্ৰদান কৰাৰ পিছত শৰীৰত ৰোগ প্ৰতিৰোধৰ ক্ষমতা গঢ়ি উঠাৰ বাবে যিমান সময়ৰ প্ৰয়োজন, সেই সময় তেওঁলোক প্ৰদান কৰি তাৰ পাছত হে পৰীক্ষা অনুষ্ঠিত কৰা হওক। সম্পাদকগৰাকীয়ে ইয়াৰ উপৰিও কয়যে, ছাত্ৰ-ছাত্ৰীক ভেকচিন প্ৰদান কৰাৰ ক্ষেত্ৰত ১৮ বছৰ নোহোৱাৰ বাবে বাধা আহি পৰিছে। দশম শ্ৰেণীত থকা ছাত্ৰ-ছাত্ৰীয়ে ১৮ বছৰ নোহোৱাৰ বাবে এই পৰিস্থিতিত ভেকচিন ল'বলৈ পৰা নাই। বিষয়টো জটিল, সেয়েহে শিক্ষামন্ত্ৰীয়ে কৈছিল তেওঁ আলোচনা কৰিব। শেহতীয়াকৈ গুৱাহাটীত এই পৰীক্ষা সম্পৰ্কত এক আলোচনা অনুষ্ঠিত হৈছিল কিন্তু সেই আলোচনাত আমাক প্ৰতিনিধিত্ব কৰিবলৈ দিয়া হোৱা নাছিল। শিক্ষামন্ত্ৰী গৰাকীয়ে আশ্বাস প্ৰদান কৰিছে আগন্তুক সময়ত এনেধৰণৰ আলোচনাত আমাৰ প্ৰতিনিধি যাতে উপস্থিত থাকে সেই দিশত তেওঁ নজৰ দিব।

আনহাতে এই সংবাদ মেলতে সংগঠনটোৱে উল্লেখ কৰিছে যে, পৰীক্ষা বাতিল কৰিলে ছাত্ৰসকলে যাতে নিজৰ যোগ্যতা অনুযায়ী নম্বৰ লাভ কৰে সেই বিষয়ত গুৰুত্ব প্ৰদান কৰিব লাগিব। দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ পিছত বহু প্ৰৱেশিকা পৰীক্ষা থাকে। সেই পৰীক্ষাত চূড়ান্ত পৰীক্ষাৰ নম্বৰে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। চি বি এছ চিয়ে পৰীক্ষা বাতিল কৰাৰ পাছত ছাত্ৰক কিদৰে নম্বৰ প্ৰদান কৰা হ'ব সেই বিষয়ত সিদ্ধান্ত গ্ৰহণ কৰিবলৈ এক কমিটি গঠন কৰিছে। আকসাৰ পালৰ পৰা অসমৰ ক্ষেত্ৰতো এই বিষয়ত সিদ্ধান্ত গ্ৰহণ কৰাৰ উপৰিও পৰীক্ষা সংক্ৰান্তীয় সকলো বিষয় আলোচনা কৰি সিদ্ধান্ত গ্ৰহণ কৰিবলৈ এক কমিটি গঠন কৰিবলৈ আহ্বান জনাইছে। ইয়াৰ উপৰিও সংগঠনটোৰ ফালৰ পৰা কোৱা হৈছে ছাত্ৰসকলৰ স্বাস্থ্যৰ দিশটোক গুৰুত্ব প্ৰদান কৰি পৰীক্ষা বাতিল কৰিলেও আগন্তুক সময়ত যাতে কোনোধৰণৰ অসুবিধাৰ সন্মুখীন নহয় তাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব লাগিব।   

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in