হোৱাটছএপলৈ উচ্চতম ন্যায়ালয়ৰ জাননী

হোৱাটছএপলৈ উচ্চতম ন্যায়ালয়ৰ জাননী

author-image
asomiyapratidin
New Update
হোৱাটছএপলৈ উচ্চতম ন্যায়ালয়ৰ জাননী

ডিজিটেল ডেস্কঃ হোৱাটছএপলৈ উচ্চতম ন্যায়ালয়লে প্ৰেৰণ কৰিছে জাননী। লগতে এই জাননী ন্যায়ালয়ে প্ৰেৰণ কৰিছে তথ্য-প্ৰযুক্তি আৰু বিত্ত মন্ত্ৰণালয়লৈও।

Advertisment

হোৱাটছএপে আজি পৰ্যন্ত গ্ৰাহকসকলৰ অভিযোগ গ্ৰহণ আৰু সমাধানৰ বাবে নিযুক্তি দিয়া নাই বিষয়া। বহু হোৱাটছএপ ব্যৱহাৰকাৰীয়ে তেওঁলোকৰ অভিযোগ দাখিল কৰিবলৈ নাই সঠিক ব্যৱস্থা।

সেয়েহে বিষয়টো গুৰুত্বসহকাৰে লৈ উচ্চতম ন্যায়ালয়ে প্ৰেৰণ কৰিছে জাননী। ৪ সপ্তাহৰ ভিতৰত হোৱাটছএপৰ লগতে কেন্দ্ৰ চৰকাৰেও এই জাননীৰ উত্তৰ দিব লাগিব।

উল্লেখযোগ্য যে, ভাৰতত এই ব্যৱস্থা নাথাকিলেও হোৱাটছএপ ব্যৱহাৰকাৰীৰ বাবে আন দেশত তেওঁলোকৰ অভিযোগ গ্ৰহণ আৰু সমাধানৰ বাবে এনে বিষয়া নিযুক্তি দিয়ে হোৱাটছএপে।