চন্দ্ৰৰ পাছত বৃহস্পতি গ্ৰহতো ওলাইছে পানীৰ সন্ধান

চন্দ্ৰৰ পাছত বৃহস্পতি গ্ৰহতো ওলাইছে পানীৰ সন্ধান

author-image
asomiyapratidin
New Update
চন্দ্ৰৰ পাছত বৃহস্পতি গ্ৰহতো ওলাইছে পানীৰ সন্ধান

ডিজিটেল ডেস্কঃ আপুনি চাগৈ কল্পনা কৰে, আপোনাৰো ঘৰখন হওঁক চন্দ্ৰত। কিন্তু এইবাৰ চন্দ্ৰক বাদ দিয়ক। বৃহস্পতি গ্ৰহত ঘৰ সজাৰ কথা ভাৱক। আমেৰিকাৰ মহাকাশ সংস্থা 'নাছা'ৰ বিজ্ঞানীসকলে পাইছে বৃহস্পতি গ্ৰহত পানীৰ সন্ধান।

এই পানী আছে আমাৰ সৌৰজগতৰ সবাতোকৈ ডাঙৰ গ্ৰহটোৰ এক ৰঙা অংশত, যাক কোৱা হয় ' দ্য গ্ৰেট ৰেড স্পট'। বৈজ্ঞানিকসকলৰ মতে, এই পানীত অক্সিজেনৰ লগতে কাৰ্বন মন'ক্সাইড গেছো আছে।

ইয়াৰ পৰাই ধাৰণা কৰা হৈছে যে, সূৰ্যতকৈ ২ৰ পৰা ৯গুন বেছি অক্সিজেন আছে বৃহস্পতি গ্ৰহত। গ্ৰহটোৰ এই ৰঙা অংশ ডাঠ ডাৱৰে আগুৰা।

উল্লেখযোগ্য যে, কিছুদিনৰ পূৰ্বে চন্দ্ৰতো সন্ধান পোৱা হৈছিল বৰফৰ। কিন্তু এই বৰফৰ পৰিমান আছিল মাত্ৰ ৩.৫ শতাংশ অংশহে। বৃহস্পতিগ্ৰহত বৃহৎ পৰিমানৰ পানীৰ সন্ধান পোৱাতো বৈজ্ঞানিকসকলৰ বাবে এক বৃহৎ সাফল্য।