ক্ৰমাৎ কমি আহিছে টিভিৰ আয়ুস

ক্ৰমাৎ কমি আহিছে টিভিৰ আয়ুস

author-image
asomiyapratidin
New Update
ক্ৰমাৎ কমি আহিছে টিভিৰ আয়ুস

ডিজিটেল ডেস্কঃ যেতিয়াৰে পৰা হাতত থকা স্মাৰ্টফোনটোৱে টিভিৰ কামো কৰিবলৈ ল'লে তেতিয়াৰে পৰা ক্ৰমাত হ্ৰাস পাইছে টিভিৰ সমাদৰ। বেছিভাগেই এতিয়া এনেকৈয়ে ভাবে।

Advertisment

ইয়াৰ মাজতে প্ৰকাশ পাইছে এক বিশেষ তথ্য। এই তথ্যত দেখা গৈছে যে গ্ৰামাঞ্চলত এতিয়াও আদৰ কমা নাই টিভিৰ। পৰিসংখ্যা অনুযায়ী বিগত বছৰটোত চহৰ অঞ্চলত ৪ শতাংশ লোকে নতুনকৈ টিভিৰ সংযোগ লোৱাৰ বিপৰীতে গ্ৰামাঞ্চলত নতুন সংযোগ লৈছিল ১০ শতাংশ লোকে।

'ব্ৰডকাষ্ট অডিয়েন্স ৰিছাৰ্ছ কাউন্সিল ইণ্ডিয়া' চমুকৈ বাৰ্কৰ এক তথ্য অনুসৰি ভাৰতত মুঠ ৬৬ শতাংশ পৰিয়ালৰ টিভি আছে। টিভি থকা ৰাজ্যৰ একেবাৰে শীৰ্ষত আছে তামিলনাডু, অন্ধ্ৰপ্ৰদেশ, তেলেংগানা, কেৰেলা আৰু কৰ্ণাটক। এই ৰাজ্যকেইখনত ৯০ শতাংশৰো অধিক পৰিয়ালৰ ঘৰত আছে টিভি। ৮০-৯০ শতাংশ পৰিয়ালৰ ঘৰত টিভি আছে দিল্লী আৰু মহাৰাষ্ট্ৰত।

উত্তৰ প্ৰদেশ আৰু উত্তৰাখণ্ডত ৪৫ শতাংশ, উত্তৰ-পূব ভাৰতৰ ৰাজ্যসমূহ, পশ্চিম বংগ, চত্তীছগড়, ওড়িষা, মধ্যপ্ৰদেশ আৰু ৰাজস্হানত ৪৫-৫৯ শতাংশ পৰিয়ালৰ ঘৰত আছে টিভি। এই তালিকাৰ শেষত আছে বিহাৰ আৰু ঝাৰখণ্ড। এই ৰাজ্য দুখনত ৩০ শতাংশ পৰিয়ালৰহে টিভি আছে।

উল্লেখ্য যে, সমগ্ৰ বিশ্বতে যোৱা দুবছৰত টিভি চোৱা লোকৰ সংখ্যা দ্ৰুত গতিত হ্ৰাস পাই আহিছে। ভাৰততো জিঅ'ৰ 4জি সেৱা মুকলিৰ পিছত হ্ৰাস পাইছে টিভি চোৱা লোকৰ সংখ্যা। তালৈ চাই ভৱিষ্যত বিশেষজ্ঞসকলে অনাগত ৫ বছৰৰ ভিতৰত গ্ৰামোফোন, ৰেডিঅ'ৰ দৰেকৈ টিভিও নাইকিয়া হৈ পৰিব বুলি মন্তব্য কৰিছে।