জিঅাইএমটি, তেজপুৰত ৰাষ্ট্ৰীয় অভিযন্তা দিৱস উদযাপন

জিঅাইএমটি, তেজপুৰত ৰাষ্ট্ৰীয় অভিযন্তা দিৱস উদযাপন

author-image
asomiyapratidin
New Update
জিঅাইএমটি, তেজপুৰত ৰাষ্ট্ৰীয় অভিযন্তা দিৱস উদযাপন

ডিজিটেল সংবাদ, তেজপুৰঃ উত্তৰ অসমৰ অগ্ৰণী কাৰিকৰী শিক্ষা প্ৰতিষ্ঠান গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ মেনেজমেণ্ট এণ্ড টেকন'লজী, তেজপুৰত ১৫ ছেপ্টেম্বৰত বৰ্ণাঢ্য কাৰ্যসূচীৰে ৰাষ্ট্ৰীয় অভিযন্তা দিৱস উদযাপন কৰা হয়। ভাৰতীয় অভিযন্তাৰ পিতৃপুৰুষ ছাৰ মোক্ষগোণ্ডম বিশ্বেশৰায়ৰ জন্মজয়ন্তী উপলক্ষে প্ৰতিবছৰৰ দৰে এইবাৰো অায়োজিত এই অনুষ্ঠানত তেখেতৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলনেৰে শ্ৰদ্ধা নিবেদন কৰা হয়।

Advertisment

ইয়াৰ পিছতে ইলেকট্ৰিকেল ইঞ্জিনিয়াৰিং বিভাগৰ সহকাৰী অধ্যাপিকা প্লাৱিতা বৰুৱাই ছাৰ বিশ্বেশৰায়ৰ জীৱন পঞ্জী চমুৱাই বৰ্ণনা কৰে। মহাবিদ্যালয়খনৰ পদাৰ্থ বিজ্ঞান বিভাগৰ জ্যেষ্ঠ অধ্যাপক তথা বিশিষ্ট বিজ্ঞান লেখক ড° ৰমেশ চন্দ্ৰ গোস্বামীয়ে বিশ্বেশৰায়ৰ কৃতি অাৰু ৰাষ্ট্ৰলৈ তেওঁৰ অৱদান সম্পৰ্কে অালোকপাত কৰে। তেওঁৰ পিছতে 'গাঁও কা খানা' শীৰ্ষক প্ৰকল্পৰ জৰিয়তে ৰাষ্ট্ৰীয় অাৰু অান্তৰাষ্ট্ৰীয় পৰ্যায়ত সন্মানিত হোৱা শিৱসাগৰৰ উদ্যমী যুৱক হিৰণ্ময় গগৈয়ে উপস্থিত ছাত্ৰ-ছাত্ৰীসকলৰ অাগত ভাষণ অাগবঢ়ায়।

স্ব-নিৰ্ভৰশীলতা, অাত্মোৎকৰ্ষণ তথা ব্যৱসায়ৰ অাৰম্ভণি অাৰু প্ৰসাৰ, প্ৰচাৰৰ বাবে অাৱশ্যকীয় অৰ্হতা সকলো সামৰি দিয়া গগৈৰ ভাষণে উপস্থিত সকলোকে বেছ অাপ্লুত অাৰু উদ্বুদ্ধ কৰে। ইয়াৰ পিছত বিভিন্ন স্কুল কলেজৰ পৰা অহা প্ৰতিযোগীসকলৰ মাজত অসম ভিত্তিক এখনি কুইজ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। প্ৰতিযোগিতাৰ অাৰম্ভণিতে জিঅাইএমটি, তেজপুৰৰ অধ্যক্ষ ড° বুলজিৎ বুঢ়াগোহাঁয়ে প্ৰতিযোগী সকলোকে অাদৰণি জনায়।

ব্যক্তিত্ব বিকাশৰ ক্ষেত্ৰত এনে প্ৰতিযোগিতাসমূহত অংশগ্ৰহণৰ অাৱশ্যকীয়তা সম্পৰ্কে তেওঁ চমুৱাই ভাষণ অাগবঢ়ায়। বিশিষ্ট কুইজাৰ অাশুতোষ দাসে অাঁত ধৰা অাকৰ্ষণীয় প্ৰতিযোগিতাখনিত ক্ৰমে তেজপুৰ বিশ্ববিদ্যালয়ৰ বিশ্বজিৎ সাহা অাৰু দেৱাষিস বশিষ্ঠই প্ৰথম, প্ৰবিত জ্যোতি কলিতা অাৰু ঋত্বিক কুমাৰে দ্বিতীয়, কুমাৰ অভিজিৎ সিং অাৰু মুনীন্দ্ৰনাথ হাজৰিকাই তৃতীয় স্থান দখল কৰে।