/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/e31f8738-15d5-4b91-bf40-1fcb035e6686/AP_FOR_WEB_hs__1_.jpg)
জুয়ে পুৰা সোণ হৈ জিলিকিছে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ এইসকল শিক্ষাৰ্থী...
ডিজিটেল ডেস্কঃ সদ্য ঘোষিত উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ ফলাফলত পূৰ্বৰ দৰেই এইবাৰো বহু দৰিদ্ৰ পৰিয়ালৰ সন্তানে সফলতাৰে উত্তীৰ্ণ হোৱাই নহয় নিজ শৈক্ষিক প্ৰতিষ্ঠান তথা অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছে। ফলাফল ঘোষণা হোৱাৰ পাছৰে পৰা ৰাজ্যৰ ভিন্ন প্ৰান্তত দৰিদ্ৰতাৰ লগতে প্ৰয়োজনীয় শৈক্ষিক পৰিবেশৰ সুবিধাৰ পৰা বঞ্চিত হৈয়ো কিদৰে একাংশ শিক্ষাৰ্থী উজলি উঠিছে সেয়া পোহৰলৈ আহিছে। অসমীয়া প্ৰতিদিন ডিজিটেলতে ইতিমধ্যে এইধৰণৰ কেইবাটাও বাতৰি প্ৰকাশ পাইছে।
অধ্যয়নৰ জৰিয়তে সফলতা প্ৰাপ্তিত দৰিদ্ৰতা অথবা কঠোৰ সংগ্ৰামী জীৱন কেতিয়াও যে হেঙাৰ হ’ব নোৱাৰে তাক প্ৰমাণ কৰা বহু শিক্ষাৰ্থীৰ সফলতাৰ খবৰ এতিয়াও আহিয়েই আছে। তেনে কেইগৰাকীমান শিক্ষাৰ্থী ক্ৰমে নগাওঁ জিলাৰ কঠীয়াতলীৰ দ্বীপামণি বৰদলৈ, বটদ্ৰৱাৰ ভেটিয়নী গাঁৱৰ মমি সৰকাৰ, জামুগুৰিহাটৰ ভৰ্ষিতা সৰকাৰ, ঢকুৱাখনা পঞ্চায়তৰ অন্তৰ্গত লাইপুলীয়া গাঁৱৰ বিদ্যুৎ টায়ে। এই আটাই কেইগাৰকী শিক্ষাৰ্থীয়ে কেৱল সুখ্যাতিৰে উত্তীৰ্ণ হোৱাই নহয় বহুতৰে বাবে প্ৰেৰণাৰ উৎস হিচাপে চানেকি দাঙি ধৰিছে।
স্বাধীনতাৰ অমৃত কালতো বিজুলী বাতিৰ পোহৰৰ পৰা বঞ্চিত হৈ থকা কঠীয়াতলীৰ নামবৰ গাঁৱৰ হেম বৰদলৈ আৰু মেনকা বৰদলৈৰ কন্যা দ্বীপামণি বৰদলৈয়ে এইবাৰ উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাত চাৰিটা বিষয়ত লেটাৰ নম্বৰসহ প্ৰথম স্থান লাভ কৰিছে।দিন হাজিৰা কৰি কোনো মতে পৰিয়াল পোহপাল দি থকা হেম বৰদলৈৰ জীয়ৰীৰ সফলতাত কেৱল পৰিয়ালৰ সদস্যই নহয়, তেওঁ অধ্যয়ন কৰা কঠীয়াতলী কনিষ্ঠ মহাবিদ্যালয় আৰু গাওঁখনৰ ৰাইজো উৎফুল্লিত হৈ পৰিছে। তাৰ মাজতেই স্থানীয় যুৱ ব্যবসায়ী তথা সমাজসেৱক বিনোদ পাটৰ, গুলবাছ আমছং, উজ্বল ডেকা আদিয়ে ফোলাম গামোছা,কিতাপৰ টোপোলা আৰু কিছু আৰ্থিক সাহায্য প্ৰদান কৰিছে। অতি দৰিদ্ৰ পৰিয়ালৰ সন্তান দ্বীপামণিৰ ভৱিষ্যতে এগৰাকী অধ্যাপিকা হোৱাৰ মন। পিতৃয়ে দিন হাজিৰা কৰি, মাতৃয়ে আনৰ ঘৰত বিভিন্ন কাম কৰি কোনো মতে দ্বীপামণিক উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ কৰালে যদিও উচ্চ শিক্ষাক লৈ চিন্তিত হৈ পৰিছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/7136bff9-e9d3-4fb1-bec9-19e434925a36/d9143389_6e7d_4ddc_9932_42c2b0548419.jpg)
শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ ভৰ্ষিতা বৰা নামৰ শিক্ষাৰ্থীগৰাকীয়ে ঘোষিত ফলাফলত ৯১ শতাংশ নম্বৰ লাভ কৰিছে। মাত্ৰ ৫ বছৰ বয়সতেই পিতৃক হেৰুওৱা ভৰ্ষিতাৰ সংগ্ৰামৰ কাহিনী আন বহুততকৈ পৃথক। এইগৰাকী শিক্ষাৰ্থীৰ অধ্যয়নৰ বাবে আন শিক্ষাৰ্থীৰ দৰে নাই পৰ্যাপ্ত সুবিধা। নাই পঢ়িবলৈ এখন টেবুল। নাই থাকিবলৈ এটা ভাল ঘৰ।
পৰিয়াল পোহপাল দিবলৈ ভৰ্ষিতাৰ মাতৃ মণি বৰাই ভৰ্ষিতাৰ পেহীয়েকৰ সৈতে মিলি ধান সিজাই ৰ’দত শুকুৱাই তাৰ চাউল বিক্ৰী কৰে। তাঁত শালত গামোচা, চাদৰ বৈ বিক্ৰী কৰি কিছু ধন উপাৰ্জন কৰে। সেই ধনেৰেই পৰিয়াল পোহপাল দিয়াৰ লগতে ভৰ্ষিতাৰ পঢ়াৰ খৰচো উলিয়াই।
বৃহস্পতিবাৰে ভৰ্ষিতাৰ ফলাফল ঘোষণাৰ সময়ত মাতৃ মণি বৰা ব্যস্ত আছিল কোমল ধান ৰ’দত শুকুওৱাৰ কামত। দৰিদ্ৰতাৰ প্ৰত্যাহ্বান নেওচি জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰপৰা পৰা এইবাৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাত অৱতীৰ্ণ হোৱা ভৰ্ষিতাই মুঠ ৫ টা বিষয়ত লেটাৰ নম্বৰ লাভেৰে ৯১ শতাংশ নম্বৰ অৰ্জন কৰিছে। স্নাতক মহলাত ভৰ্ষিতাই অৰ্থনীতি অথবা ৰাজনীতি বিজ্ঞানক মূল বিষয় হিচাপে লৈ উচ্চ শিক্ষা গ্ৰহণ কৰাৰ মন মেলিছে। ভৰ্ষিতাৰ এনে সফলতা এতিয়া বহুতৰে বাবে আদৰ্শ হৈ পৰিছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/9dc6f766-1a54-4811-bb7e-70f2c3119885/6dc93a2a_e1c7_4676_85c6_e9b29e27d7fc.jpg)
লখিমপুৰ জিলাৰ ঢকুৱাখনাৰ লাইপুলীয়া গাঁৱৰ নিবাসী এগৰাকী শ্ৰমজীৱি কৃষক সুন্দৰ টায়ে। সুন্দৰ টায়েৰ জীৱিকাৰ উৎস পশুপালন আৰু কৃষি। এইগৰাকী শ্ৰমজীৱি কৃষকৰ একমাত্ৰ সন্তান বিদ্যুৎ টায়ে এইবাৰ উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাত অৱতীৰ্ণ হৈ মুঠ ৫০০ নম্বৰৰ ভিতৰত ৪৫১ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে।
বিজ্ঞান শাখাৰ ছাত্ৰ বিদ্যুতে ঐচ্ছিক বিষয় গণিতৰ বাহিৰে বাকী আটাইকেইটা বিষয়তে লাভ কৰিছে লেটাৰ নম্বৰ। শ্ৰমজীৱি এইগৰাকী কৃষকৰ সন্তানে প্ৰয়োজনীয় সুবিধা তথা সুযোগ অবিহনেই অতি কষ্টৰে বিজ্ঞান শাখাত যি পাৰদৰ্শিতা লাভ কৰিলে সেয়া বহুতৰ বাবে উদাহৰণ হৈ পৰিছে। এনে সফলতাৰ বাবেই ছাত্ৰজনক তেওঁৰ বাসগৃহত উপস্থিত হৈ মিচিং জাতীয় সংগঠন টি এম পি কে, এম এম কেৰ জিলা প্ৰতিনিধিয়ে সম্বৰ্ধনা জ্ঞাপন কৰিছে।
এইগৰাকী মেধাৱী ছাত্ৰৰ এগৰাকী চিকিৎসক হোৱাৰ মন। সেই আশাৰেই তেওঁ নীট পৰীক্ষাত অৱতীৰ্ণ হৈছে। মেধাৰ বলত তেওঁ এগৰাকী সুদক্ষ চিকিৎসক হ’বলৈ প্ৰয়োজনীয় যোগ্যতা অৰ্জন কৰিব পাৰিব বুলি বিশ্বাস ৰাখিছে যদিও অৰ্থনৈতিক দিশৰ পৰা তেওঁ যথেষ্ট প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাটো নিশ্চিত। সেয়ে শ্ৰমজীৱি কৃষক সুন্দৰ টায়ে পুত্ৰৰ এই সফলতাৰ পাছতো কিছু চিন্তিত হৈ পৰিবলৈ বাধ্য হৈছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/c0bd4bc9-11d7-4dab-adc1-15221f4db0e6/84254508_9b3f_4d2e_a31f_701e2917608d.jpg)
নগাওঁ জিলাৰ বটদ্ৰৱাৰ ভেটিয়নি গাঁৱৰ মমি সৰকাৰ নামৰ শিক্ষাৰ্থীগৰাকীৰ ফলাফলো এতিয়া বটদ্ৰৱা অঞ্চলত চৰ্চাৰ বিষয় হৈ পৰিছে। এইগৰাকী দৰিদ্ৰ পৰিয়ালৰ শিক্ষাৰ্থীয়ে অধ্যয়নৰ বাবে নিজৰ খৰচ নিজেই বহন কৰিব লাগে। দৰিদ্ৰতা তথা অভাৱে জুৰুলা কৰা এটা পৰিয়ালৰ জ্যেষ্ঠ কন্যা মমি সৰকাৰে দৰিদ্ৰতাৰ সৈতে মুখামুখী হ’ব পৰাকৈ শৈশৱৰে পৰা নিজকে প্ৰস্তুত কৰিছে।
এগৰাকী কণ্ঠশিল্পী হোৱাৰ লগতে তেওঁ ভাল মেকআপ আৰ্টিষ্টো।মমিৰ পিতৃ ৰঞ্জিত সৰকাৰ বটদ্ৰৱা শংকৰদেৱ শিশু নিকেটনৰ কাৰ্যালয় সহয়াক। এইবাৰ উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত মমিয়ে মুঠ ৫ টা বিষয়ত লেটাৰসহ ৮৮.৮ শতাংশ নম্বৰেৰে উত্তীৰ্ণ হৈছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/a20a1019-b088-4230-b3c1-5de2066c487d/08305730_3161_478f_8f06_a89beff76ba5.jpg)
এইদৰেই এতিয়া ৰাজ্যৰ ভিন্ন প্ৰান্তত বহু দৰিদ্ৰ পৰিয়ালৰ সন্তানে সকলো বাধা অতিক্ৰম কৰি প্ৰচুৰ অধ্যাৱসায় আৰু কষ্টৰে মেধাৰ পৰিচয় দাঙি ধৰিছে। এইসকল শিক্ষাৰ্থীয়ে আন বহুতৰ দৰে আৰু অধিক সুযোগ, সুবিধা লাভ কৰিলে হয়তো আগন্তুক সময়ত অধিক সফলতা অৰ্জন কৰিবলৈ সক্ষম হ’ব। এইসকল শিক্ষাৰ্থীৰ সফলতা আন বহুতৰ বাবেই হৈ পৰিব উদাহৰণ। যি উদাহৰণ লক্ষ্য কৰিয়েই আন বহু শিক্ষাৰ্থীয়ে অধ্যয়নৰ বাবে প্ৰেৰণা লাভ কৰিব।
Also Read: ৰঞ্জিত দাসৰ বাঢ়িছে কংগ্ৰেছ প্ৰেম, অতুল বৰাৰ বৃদ্ধি হৈছে BJPৰ চামচাগিৰি !