অচিৰেই ভাৰতৰ বজাৰলৈ আহি আছে Nokia X6

অচিৰেই ভাৰতৰ বজাৰলৈ আহি আছে Nokia X6

author-image
asomiyapratidin
New Update
অচিৰেই ভাৰতৰ বজাৰলৈ আহি আছে Nokia X6

ডিজিটেল ডেস্কঃ অপেক্ষাৰ অন্ত পেলাই অচিৰেই ভাৰতৰ বজাৰলৈ আহিব Nokia X6। ইতিমধ্যে ইউৰোপৰ বজাৰত উপলব্ধ হৈছে এই ফোনটো।

Advertisment

এই মাহৰ শেষৰ ফালেই Nokia X6 মুকলি কৰি দিয়াৰ সম্ভাৱনা আছে। আগষ্টত নহ'লেও ছেপ্টেম্বৰৰ প্ৰথম সপ্তাহতেই গ্ৰাহকে লাভ কৰিব এই মোবাইল ফোনটো।

ইতিমধ্যে ভাৰতৰ ৱেবছাইট পেজত Nokia X6 সন্দৰ্ভত তথ্য দিছে কোম্পানীটোৱে। কিছু দিনৰ পূৰ্বে হংকঙত মুকলি কৰা হৈছে এই ফোনটো। হংকঙত এই মোবাইল ফোনৰ মূল্য ভাৰতীয় টকা হিচাপত প্ৰায় ২০,১০০ টকা।

ভাৰতত এই ফোনটো Nokia 6.1 Plus হিচাপে মুকলি কৰি দিয়াৰ সম্ভাৱনা আছে। সম্পূৰ্ণ এইচ ডি এই মোবাইলটোৰ ডিছপ্লে ৰিজ'লিউশ্যন ১০৮০ X ২২৮০ পিক্সেল। এই ফোনটোত দুখন ছীমকাৰ্ড ভৰোৱাৰ সুবিধা থাকিব।