দীপাৱলীত কিনক জিঅ’ স্মাৰ্টফোন-২, লাভ কৰক ৰিচাৰ্জ আৰু ২০০ টকাৰ কেছবেক

দীপাৱলীত কিনক জিঅ’ স্মাৰ্টফোন-২, লাভ কৰক ৰিচাৰ্জ আৰু ২০০ টকাৰ কেছবেক

author-image
asomiyapratidin
New Update
দীপাৱলীত কিনক জিঅ’ স্মাৰ্টফোন-২, লাভ কৰক ৰিচাৰ্জ আৰু ২০০ টকাৰ কেছবেক

ডিজিটেল ডেস্কঃ দীপাৱলীৰ সময়ত আপুনি আপোনাৰ বাবে বা আপোনজনৰ বাবে এটা নতুন ম'বাইল ফোন কিনাৰ কথা চিন্তা কৰিছে নেকি? তেন্তে আপুনি এইবাৰ দীপাৱলীত বিশেষ ভাৱে কিনিব পাৰে জিঅ' স্মাৰ্টফোন-২। ৰিলায়েঞ্চ জিঅ' কোম্পানীয়ে ৫ নৱেম্বৰৰ পৰা ১২ নৱেম্বৰলৈ জিঅ' স্মাৰ্টফোন-২ নামৰ বহু প্ৰত্যাশিত স্মাৰ্টফোনটোৰ বিক্ৰী মুকলি কৰি দিব।

Advertisment

এই বিক্ৰী ৫ নৱেম্বৰ অৰ্থাৎ সোমবাৰৰ নিশাৰ ১২ বজাৰ পৰা আৰম্ভ হ'ব। আপুনি এই ম'বাইলটো ক্ৰয় কৰিবলৈ এটিএমৰ পৰা পে'মেন্ট কৰিব লাগিব। যোৱা আগষ্ট মাহতে এই স্মাৰ্টফোনটোৰ উপলব্ধিৰ বিষয়ে ৰিলায়েঞ্চ কোম্পানীৰ অধ্যক্ষ মুকেশ আম্বানীয়ে ঘোষণা কৰিছিল যদিও বজাৰত উপলব্ধ হোৱা নাছিল এই কম মূল্যৰ উন্নত মানদণ্ডৰ স্মাৰ্টফোনটো।

২,৯৯৯ টকা মূল্যৰ এই ফোনটোত গ্ৰাহকে লাভ কৰিব 512 MB RAM+4 GBৰ সৈতে হাই ডাটা ব্ৰাউজিং প্ৰচেছ'ৰ। গ্ৰাহকে দিপাৱলীৰ সময়ত ম'বাইল ফোনটো ক্ৰয় কৰিলে ২০০ টকাৰ মানি কেছবেক লাভ কৰিব পাৰিব বুলিও জানিবলৈ দিয়ে ৰিলায়েঞ্চ কৰ্তৃপক্ষই।

আনহাতে বৰ্তমান ৰিলায়েঞ্চ জিঅ'য়ে জিঅ' ব্যৱহাৰকাৰীৰ বাবে ৩ টা প্ৰিপেইড অফাৰো মুকলি কৰি দিছে। ৪৯ টকা ৰিচাৰ্জৰ জৰিয়তে গ্ৰাহকে ২৮ দিনৰ বৈধতাৰে ১ জিবি ডাটা লাভ কৰিব। লগতে গ্ৰাহকে বিনামূলীয়া ভয়ছ কলিং আৰু প্ৰতিদিনে ৫০ টা এছ এম এছ লাভ কৰিব।

আনহাতে ১৫৩ টকাৰ প্ৰিপেইড ৰিচাৰ্জেৰে গ্ৰহাকে বিনামূলীয়া ভয়চ কলিং, এছ এম এছ আৰু প্ৰতিদিনে ১.৫ জিবি ডাটা লাভ কৰিব। ইয়াৰোপৰি ৯৯ টকীয়া জিঅ' প্লেনৰ জৰিয়তে গ্ৰাহকে ২৮ দিনৰ বৈধতাৰে ০.০৫ জিবি ডাটা প্ৰতিদিনে লাভ কৰাৰ লগতে বিনামূলীয়া ভয়ছ কলিং আৰু ৩০০ এছ এম এছ লাভ কৰিব।