নতুন বছৰত গাড়ী কিনে যদি আপোনাৰ বাবে আছে এক সুখবৰ

নতুন বছৰত গাড়ী কিনে যদি আপোনাৰ বাবে আছে এক সুখবৰ

author-image
asomiyapratidin
New Update
নতুন বছৰত গাড়ী কিনে যদি আপোনাৰ বাবে আছে এক সুখবৰ

ডিজিটেল ডেস্কঃ নতুন বছৰত গাড়ী ক্ৰয় কৰাৰ পৰিকল্পনা কৰিছে যদি আপোনাৰ বাবে আছে এটা সুখবৰ। দেশৰ আগশাৰীৰ গাড়ী নিৰ্মাতা প্ৰতিষ্ঠান মাৰুতি চুজুকীয়ে অহা ২৩ জানুৱাৰীত মুকলি কৰিব এখন নতুন ম'ডেলৰ ৱেগনাৰ। এই নতুন ম'ডেলৰ ৱগেনাৰখনৰ নাম 'ৱেগনাৰ-আৰ'।

Advertisment

মাৰুতি চুজুকীৰ পূৰ্বৰ ৱগেনাৰতকৈ কিছু পৃথক হ'ব এই নতুন বাহনখন। পূৰ্বৰ ৱগেনৰাতকৈ এই নতুন বাহনখনৰ ওজন কিছু কম হোৱাৰ লগতে ইয়াৰ আকৃতিৰো কিছু পৰিৱৰ্তন ঘটিব।

খবৰ অনুসৰি চুইফট আৰু আৰ্টিকা বাহনৰ আকৃতিৰ হ'ব এই নতুন ম'ডেলৰ ৱেগনাৰখন। গাড়ীখনত থাকিব চাৰিটা চিলিণ্ডাৰযুক্ত ইঞ্জিন। বহুকেইটা সুবিধা উপলব্ধ এই নতুন বাহনখনৰ মূল্য পূৰ্বৰ ৱগেনাৰতকৈ কিছু সালসলনি হ'ব বুলি জানিবলৈ দিছে মাৰুতী চুজুকীয়ে।