যমনগৰত যমৰ যাতনা: খবৰ লবলৈ আহৰি নাই জনপ্ৰতিনিধিৰ…

যমনগৰত যমৰ যাতনা: খবৰ লবলৈ আহৰি নাই জনপ্ৰতিনিধিৰ…

author-image
asomiyapratidin
New Update
যমনগৰত যমৰ যাতনা: খবৰ লবলৈ আহৰি নাই জনপ্ৰতিনিধিৰ…

ডিজিটেল সংবাদ, নাৰায়ণপুৰঃ নাৰায়ণপুৰৰ এখন গাঁও । নাম যমনগৰ ৷ যমনগৰ বাসীয়ে বছৰ বছৰ ধৰি ভোগি আহিছে যমৰ যাতনা ৷ চৌদিশে কেৱল সমস্যা । এক কথাত ক'বলৈ গ'লে সমস্যাৰ যেন অভাৱ নাই যম নগৰবাসীৰ ৷ দেশে স্বাধীনতা লাভ কৰাৰ ৭ দশকৰ পিছতো সৰ্বদিশতে অৱহেলিত লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ ৰঙতি গাঁও পঞ্চায়ত এলেকাৰ এই গাঁও খন ।

Advertisment

চৰকাৰ আহে আৰু যায় কিন্তু পৰিবৰ্তনৰ হে মুখ নেদেখে গাঁও খনৰ বাসিন্দা সকলে । নিৰ্বাচনৰ সময়ত ভোট বিচাৰি অহা জনপ্ৰতিনিধি সকলে নিৰ্বাচনৰ পিছত সদায় পিঠি দিয়ে অঞ্চলটোলৈ । কি অগপ কি কংগ্ৰেছ কি বিজেপি কোনো এখন চৰকাৰেই গুৰুত্ব প্ৰদান নকৰিলে অঞ্চলটোৰ প্ৰতি । গাঁও খন সংযোগ কৰা একমাত্ৰ মুল পথটোৰ অৱস্থাও অতি শোচনীয় ।

পিছলা নদীৰ ওপৰ আছে এখন জৰাজীৰ্ণ বাঁহৰ দলং । গাঁওবাসীয়ে গাঁঠিৰ ধন ভাঙি প্ৰতিবছৰে নিৰ্মাণ কৰি আহিছে দলং খন ৷ অন্যান্য সকলৰ লগতে এই ভঙা দলঙ খনেৰেই গাঁও খনৰ কণ কণ ছাত্ৰ-ছাত্ৰী সকলে দৈনিক অহা-যোৱা কৰে বিদ্যালয়লৈ ৷ গাঁও খনত নাই বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থাও ৷ এক প্ৰকাৰ দুৰ্বিষহ জীৱন যাপন কৰি আহিছে যমনগৰ বাসী লোকসকলে ৷

বিহপুৰীয়া সমষ্টিৰ বিধায়ক দেবানন্দ হাজৰিকাইও আজি পৰ্যন্ত মাহীআইৰ চকুৰে চাই আহিছে গাঁও খনৰ দুৰ্ভগীয়া লোক সকলক ৷ বিগত বিধানসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত বিধায়ক দেৱানন্দ হাজৰিকাই ভোট ভিক্ষা কৰিবলৈ গৈ কেইটামান টকা দি একমাত্ৰ বাঁহৰ দলংখন মেৰামতিৰ ব্যৱস্থা কৰি দিছিল যদিও ৰাজভোগ লাভৰ পিছত আজি পৰ্যন্ত সময় নোলাল দুৰ্ভগীয়া লোক সকলৰ খবৰ লবলৈ ৷

পৰিনতিত এতিয়া পৰিবৰ্তনৰ শ্লোগানেৰে ক্ষমতা দখল কৰা সৰ্বানন্দ সোনোৱাল নেতৃত্বাধীন চৰকাৰ খনৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ আৰু অসন্তুষ্টি প্ৰকাশ কৰিছে গাঁওবাসীয়ে ৷ গাঁও খনৰ কণকণ শিশুসকলেও চৰকাৰ খনৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰাৰ লগতে সমস্যাসমূহৰ সমাধানৰ বাবে চৰকাৰৰ প্ৰতি আহ্বান জনাইছে ৷

উল্লেখ্য যে বিভিন্ন সমস্যাৰে ভাৰাক্ৰান্ত এই খন গাঁৱৰ টেপুৰাম গগৈ আৰু মোহন গগৈ নামৰ দুজন ব্যক্তিয়ে অসম আন্দোলনত অংশগ্ৰহণ কৰি শ্বহীদবৰণ কৰিছিল । এতিয়া প্ৰশ্ন হয় সদৌ অসম ছাত্ৰ সন্থাৰ পৰা আহি আজি মুখ্যমন্ত্ৰী হোৱা সৰ্বানন্দ সোনোৱালে দুগৰাকী কৈ লোকে অসম আন্দোলনত অংশগ্ৰহণ কৰি শ্বহীদ বৰণ কৰা এই গাঁও খনৰ দুৰ্ভগীয়া লোক সকলৰ কথা ভাবিবলৈ আহৰি পাবনে ???