‘পঢ়-পঢ়’ বুলি আপোনাৰ সন্তানক আৰু সকীয়াব নালাগে, আহি আছে ‘মিনি’

‘পঢ়-পঢ়’ বুলি আপোনাৰ সন্তানক আৰু সকীয়াব নালাগে, আহি আছে ‘মিনি’

author-image
asomiyapratidin
New Update
‘পঢ়-পঢ়’ বুলি আপোনাৰ সন্তানক আৰু সকীয়াব নালাগে, আহি আছে ‘মিনি’

ডিজিটেল ডেস্কঃ আপোনাৰ সন্তানে কিমান মনযোগেৰে পঢ়িছে বা কি পঢ়িছে সেই বিষয়ে এতিয়া সকলো সময়তে আপুনি তদাৰক কৰাৰ আৰু প্ৰয়োজন নাই। এতিয়াৰে পৰা এই কাম কৰিব 'মিনি'য়ে।

Advertisment

'মিনি' হ'ল ভিক্সৌচিন মেডিচ'ন ইউনিভাৰছিটিৰ স্নাতক শিক্ষাৰ্থীসকলে সাজি উলিওৱা এটা ৰবট। পৰীক্ষাৱস্থাত ৰবটটোত ২৫খন কিতাপক লৈ দুসপ্তাহৰ এক ৰিডিং প্ৰগ্ৰেম প্ৰস্তুত কৰা হৈছিল।

এই ৰিডিং প্ৰগ্ৰেমত কেইজনমান শিশুক ৰবটটোৰ সমুখত চিঞৰি চিঞৰি কিতাপবোৰ পঢ়িবলৈ দিয়া হৈছিল। শিশুসকলে পঢ়া পাঠবোৰ তেওঁলোকে কিমান আয়ত্ত কৰিছে সেই সৰ্ম্পকে ৰবটটোৱে শিশুসকলক মূল্যায়ন কৰে আৰু লগতে পাঠটোৰ সৰ্ম্পকত বুজাবলৈ চেষ্টা কৰে। পৰীক্ষাৰ অৱস্থাতেই শিশুসকলৰ মন জয় কৰিবলৈ সক্ষম হোৱা 'মিনি'ক শীঘ্ৰেই বজাৰত মুকলি কৰা হ'ব।