4G এৰক! আহি আছে লেপটপৰ দৰে ব্যৱহাৰ কৰিব পৰা এল জিৰ নতুন 5G ম’বাইল… VIDEO

4G এৰক! আহি আছে লেপটপৰ দৰে ব্যৱহাৰ কৰিব পৰা এল জিৰ নতুন 5G ম’বাইল… VIDEO

author-image
asomiyapratidin
New Update
4G এৰক! আহি আছে লেপটপৰ দৰে ব্যৱহাৰ কৰিব পৰা এল জিৰ নতুন 5G ম’বাইল… VIDEO

ডিজিটেল ডেস্কঃ বৰ্তমানৰ সময়ত বিশ্বৰ প্ৰায় সংখ্যক লোকেই ব্যৱহাৰ কৰে ৪ জি ম'বাইল। কিন্তু ৪ জিৰ পাছত এতিয়া উন্নত তথ্যপ্ৰযুক্তিৰ সহায়ত বিশ্ববাসীৰ হাতত আৰু কেইদিনমানৰ পাছতেই পৰিবহি ৫ জি ম'বাইল। এল জি ইলেক্ট্ৰনিকছে মুকলি কৰিছে এটা নতুন ভিডিঅ'। য'তে দেখা গৈছে ম'বাইল কোম্পানীটোৰ এটা নতুন ৫ জি ম'বাইল।

এই নতুন ৫ জি ম'বাইলটোত আছে দুখন স্ক্ৰীণ। আৰু ম'বাইলটো গ্ৰাহকে ছেপ্টেম্বৰ মাহৰ পৰা লাভ কৰাৰ সম্ভাৱনা দেখা গৈছে। এল জি ইলেক্ট্ৰনিকছে ৬ ছেপ্টেম্বৰ তাৰিখে বিশ্ববাসীৰ মাজত আগবঢ়োৱাৰ যো-জা চলাইছে। জানিব পৰা মতে, এই নতুন ম'বাইলটোত ব্যৱহাৰ কৰা হৈছে 'ফ্ৰী ষ্ট'প হিংগ' টেকন'লজী। আৰু দুখন স্ক্ৰীণ থকা এই মবাইলটো গ্ৰাহকে লেপটপৰ দৰেও ব্যৱহাৰ কৰিব পাৰিব।

আশা কৰা হৈছে যে, এই নতুন ৫ জি ম'বাইলটোৰ নাম ভি-৬০ হ'ব। আৰু এল জিৰ এই ম'বাইলটোৱে পোনপটীয়া প্ৰতিযোগিতাত নামিব ম'বাইল কোম্পানী ছেমছাংগৰ গেলেক্সী ফ'ল্ডৰ। আৰু ছেমছাংগৰ এই নতুন মডেলৰ ম'বাইলটোও ছেপ্টেম্বৰ মাহতে মুকলি কৰাৰ সম্ভাৱনা আছে।