BBC ৰ মোডীৰ বিতৰ্কিত তথ্যচিত্ৰ প্ৰদৰ্শনৰ শাস্তি ! JNU ত প্ৰতিবাদ কৰিলেই শিক্ষাৰ্থীয়ে ভৰিব লাগিব ২০ হাজাৰ...

BBC ৰ মোডীৰ বিতৰ্কিত তথ্যচিত্ৰ প্ৰদৰ্শনৰ শাস্তি ! JNU ত প্ৰতিবাদ কৰিলেই শিক্ষাৰ্থীয়ে ভৰিব লাগিব ২০ হাজাৰ...
BBC ৰ মোডীৰ বিতৰ্কিত তথ্যচিত্ৰ প্ৰদৰ্শনৰ শাস্তি ! JNU ত প্ৰতিবাদ কৰিলেই শিক্ষাৰ্থীয়ে ভৰিব লাগিব ২০ হাজাৰ...

ডিজিটেল ডেস্কঃ দিল্লীৰ জৱাহৰলাল নেহেৰু বিশ্ববিদ্যালয়ৰ মেনেজমেণ্টে গ্ৰহণ কৰা এক সিদ্ধান্তই এতিয়া দেশজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। মেনেজমেণ্টে এতিয়াৰে পৰা বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীসকলে প্ৰতিবাদ সাব্যস্ত কৰিলে ২০ হাজাৰ টকাৰ জৰিমনা আৰোপ কৰা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

কেৱল সেয়াই নহয়, প্ৰতিবাদত লিপ্ত হোৱা শিক্ষাৰ্থীৰ নামভৰ্তি প্ৰক্ৰিয়াটো বাধা প্ৰদান কৰিব। আনহাতে হিংসাত্মক কাৰ্যকলাপত জড়িত শিক্ষাৰ্থীক ৩০ হাজাৰ টকা জৰিমনা বিহা হ'ব।

এই সন্দৰ্ভত বিশ্ববিদ্যালয় কৰ্তৃপক্ষই ১০ পৃষ্ঠাক এক নিৰ্দেশনা জাৰি কৰিছে। যাক অনুশাসন আৰু আচৰণ নিয়ম বুলি নামাকৰণ কৰা হৈছে। কোৱা হৈছে এই নিয়ামৱলী বিশ্ববিদ্যালয়ৰ সকলো শিক্ষাৰ্থীৰ ওপৰতে প্ৰযোজ্য হ'ব।

আনহাতে জুৱা, হোষ্টেল কোঠা অনুমোদন অবিহনে দখলত ৰখা, আপত্তিজনক শব্দৰ প্ৰয়োগ, জালিয়াতিৰ দৰে আন ১৭ টা বিষয়ো অন্তৰ্ভুক্ত কৰা হৈছে যাৰ বাবে এগৰাকী শিক্ষাৰ্থীৰ ওপৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। এই অভিযোগৰ প্ৰতিলিপি কেৱল শিক্ষাৰ্থীয়েই নহয়, তেওঁলোকৰ অভিভাৱকলৈও প্ৰেৰণ কৰা হ'ব।

কোৱা হৈছে, শিক্ষক আৰু শিক্ষাৰ্থী দুয়োৰে সৈতে জড়িত গোচৰবোৰ বিশ্ববিদ্যালয়ৰ লগতে কেন্দ্ৰীয় পৰ্যায়ৰ অভিযোগ নিষ্পত্তি সমিতিলৈ প্ৰেৰণ কৰিব। যৌন উৎপীড়ন, উৎপীড়ন, ৰেগিং আৰু সাম্প্ৰদায়িক বিভেদ সৃষ্টিৰ ঘটনা মুখ্য প্ৰক্টৰৰ কাৰ্যালয়ৰ আওতালৈ আহিব। অভিযোগ অনুসৰি কিছু বিষয়ৰ ওপৰত আদালতৰ নিৰ্দেশ আৰু নিৰ্দেশনা অনুসৰি ব্যৱস্থা গ্ৰহণ কৰিব।

এই নতুন নিয়ম ৩ ফেব্ৰুৱাৰীৰ পৰা কাৰ্যকৰী হ'ব। এই নতুন নিয়মৰ আঁৰত বিবিচিয়ে প্ৰস্তুত কৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিতৰ্কিত তথ্যচিত্ৰখন। এই তথ্যচিত্ৰখন বিশ্ববিদ্যালয়ত প্ৰদৰ্শনৰ বাবে শিক্ষাৰ্থীসকলে প্ৰতিবাদ সাব্যস্ত কৰিছিল।

অৱশ্যে এই নতুন নিয়মাৱলী পোহৰলৈ অহাৰ পিছতে পুনৰ জে এন ইউৰ চৌহদ উত্তপ্ত হৈ পৰাৰ অনুমান কৰা হৈছে। শিক্ষাৰ্থীসকলে এই নিয়মসমূহৰ বিৰোধিতা কৰিবলৈ আৰম্ভ কৰিছে। আনহে নালাগে শাসনাধিস্ত বিজেপিৰ ছাত্ৰ সংগঠন এ বি ভি পিয়েই বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ এই সিদ্ধান্তৰ বিৰোধিতা কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in