/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/11/67-hj45.jpg)
ডিজিটেল ডেস্কঃ পেলনীয়া খাদ্যৰ পৰা বিদ্যুৎ শক্তি উৎপাদনৰ প্ৰযুক্তি উদ্ভাৱন কৰি উলিয়াইছে জাপানে। দেশখনৰ জেইই ইঞ্জিনীয়াৰিং কৰ্প'ৰেশ্যনে আন কেবাটাও সংস্থাৰ সহযোগত দীৰ্ঘদিনীয়া গৱেষণাৰ অন্তত এই ক্ষেত্ৰত লাভ কৰিছে উল্লেখনীয় সফলতা।
জেইই ইঞ্জিনীয়াৰিং কৰ্প'ৰেশ্যনৰ অধ্যক্ষ হাজিমে অছিতাই সদৰী কৰা মতে, পেলনীয়া খাদ্যৰ লগতে আন একাধিক বৰ্জনীয় দ্ৰব্যৰ পৰা নতুন প্ৰযুক্তিৰ জৰিয়তে অতি সহজে বিজুলী শক্তি লাভ কৰিব পৰা যাব। পৰিৱেশ সংৰক্ষণৰ প্ৰতি লক্ষ্য ৰাখিয়েই প্ৰতিষ্ঠানটোৱে জে বায়' ফুড ৰিচাইকল নামৰ আন এটা কোম্পানী আৰম্ভ কৰি দীৰ্ঘদিন ধৰি ইয়াৰ বাবে গৱেষণা অব্যাহত ৰাখিছিল বুলিও অছিতাই উল্লেখ কৰে।
ইয়াৰ পূৰ্বেও দেশখনত পেলনীয়া সামগ্ৰীৰ পৰা বিজুলী শক্তি উৎপাদন কৰি অহা হৈছিল যদিও সেয়া যথেষ্ট খৰছী আছিল। জেইইৰ নতুন প্ৰযুক্তিৰ ফলত এতিয়া সমগ্ৰ বিশ্বতে পেলনীয়া সামগ্ৰীৰ পৰা বিদ্যু শক্তি লাভ কৰিব পৰা যাব বুলি আশা কৰা হৈছে।
ইতিমধ্যে জে বায়' ফুড ৰিচাইকলৰ নতুন প্ৰযুক্তিৰ সহায়ত দ্বীপৰাষ্ট্ৰখনে প্ৰতিদিনে ৮০ টনৰো অধিক পেলনীয়া খাদ্য সামগ্ৰীৰ পৰা বিজুলী শক্তি উৎপাদন কৰিবলৈ সমৰ্থ হৈছে। প্ৰতিষ্ঠানটোৱে বিভিন্ন খাদ্য সামগ্ৰী প্ৰস্তুত কৰা উদ্যোগ, ব্যৱসায়িক প্ৰতিষ্ঠান, ৰেল ষ্টেশ্যন, বিমান বন্দৰ, হোটেল-ৰেষ্টুৰেণ্ট, আৱাসিক এলেকা, পাচলি বজাৰ আদিৰ পৰা পেলনীয়া খাদ্য সামগ্ৰী সংগ্ৰহ কৰি বিদ্যুৎ উৎপাদন অব্যাহত ৰাখিছে।
জাপানৰ আৰ্হিত বিশ্বৰ অন্যান্য দেশসমূহতো অনাগত সময়ছোৱাত পেলনীয়া খাদ্য সামগ্ৰী তথা আন বৰ্জ্য পদাৰ্থৰ পৰা বিজুলী শক্তি উৎপাদন কৰিবলৈ চিন্তা-চৰ্চা আৰম্ভ হোৱা দেখা গৈছে।
উল্লেখ্য যে, ভাৰতৰ লগতে অসমতো প্ৰতিদিনে বৃহৎ পৰিমাণৰ পেলনীয়া খাদ্য ডাম্পিং গ্ৰাউণ্ডত মুকলিকৈ ৰখাৰ ফলত জনস্বাস্থ্যৰ প্ৰতি ভাবুকি আহি পৰিছে। বিশেষকৈ গুৱাহাটী মহানগৰীত জাপানৰ আৰ্হিত এনে ব্যৱস্থা চৰকাৰে হাতত ল'লে পৰিৱেশ নিকা হৈ ৰোৱাৰ লগতে শক্তিৰ অভাৱো পূৰণ কৰাতো সম্ভৱপৰ হৈ উঠিব বুলি সম্ভাৱনা ব্যক্ত কৰিছে বিশেষজ্ঞসকলে।