সন্তানৰ বাবে আজিৰ অভিভাৱকে ত্যাগ কৰে সুখ আৰু আৰামী জীৱন

সন্তানৰ বাবে আজিৰ অভিভাৱকে ত্যাগ কৰে সুখ আৰু আৰামী জীৱন

author-image
asomiyapratidin
New Update
সন্তানৰ বাবে আজিৰ অভিভাৱকে ত্যাগ কৰে সুখ আৰু আৰামী জীৱন

ডিজিটেল ডেস্কঃ সন্তানৰ শিক্ষাৰ বাবে ভাৰতীয় অভিভাৱকসকলে নিজৰ সুখ আৰু আৰামী জীৱন ত্যাগ কৰিবলগীয়া হয়। এক সমীক্ষাত প্ৰকাশ পাইছে এই তথ্য।

Advertisment

ভাৰতৰ ৪৯ শতাংশ অভিভাৱকে সন্তানৰ শিক্ষাৰ বাবে কৰ্মস্হানত অধিক সময় কাম কৰে নাইবা দুটাকৈ চাকৰি কৰে। ৫৯ শতাংশ অভিভাৱকে কৰ্মস্হলীৰ পৰা ছুটী নোলোৱাৰ লগতে ৬৪ শতাংশ অভিভাৱকে সন্তানৰ শিক্ষাৰ বাবে টকা ধাৰ কৰিবলগীয়াও হয়।

এই সমীক্ষা ১৫খন দেশৰ ১০ হাজাৰ অভিভাৱক আৰু ১৫০০ শিৰ্ক্ষাথীৰ ওপৰত ভিত্তি কৰি প্ৰস্তুত কৰা হৈছে। সমীক্ষা অনুসৰি ভাৰতৰ অভিভাৱকসকলে নিজ সন্তানৰ শিক্ষাৰ বাবদ খৰচ কৰে গঢ়ে ৫৫৬০ ডলাৰ ।