/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/03/corona-dd.jpg)
ডিজিটেল ডেস্কঃ শেহতীয়াকৈ কোৰোনাত আক্ৰান্ত হৈছে পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খান। ভেকচিন লোৱাৰ পাছতে প্ৰধানমন্ত্ৰীগৰাকী আক্ৰান্ত হৈছে কোৰোনাত। কোৰোনাত আক্ৰান্ত হোৱাৰ কথা সদৰি কৰিছে প্ৰধানমন্ত্ৰীৰ সহায়ক ফইজল চুলতানে। কোৰোনাত আক্ৰান্ত ৬৭বছৰীয়া প্ৰধানমন্ত্ৰীগৰাকী বৰ্তমান আইচ'লেচনত থকা বুলি জনায় সহায়ক গৰাকীয়ে । উল্লেখ্য যে, পাকিস্তানত বৰ্তমান ৬ লাখতকৈ অধিক লোক কোৰোনাত আক্ৰান্ত হৈছে ।