ডিজিটেল ডেস্কঃ ইণ্ডিয়ান ইনষ্টিটিউট অফ টেকনলজী চমুকৈ আই আই টি ব'ম্বেয়ে ২০২৩-২৪ শৈক্ষিক বৰ্ষৰ প্লেছমেণ্ট ছিজন সামৰণি মাৰিছে। এই ছিজনত মুঠ ১৪৭৫ গৰাকী শিক্ষাৰ্থীয়ে প্লেছমেণ্ট লাভ কৰিছে।
আই আই টি ব'ম্বেয়ে ২০২৩-২৪ শৈক্ষিক বৰ্ষৰ বাবে যিসকলক প্লেছমেণ্ট দিলে তেওঁলোকৰ ভিতৰত দৰমহাৰ গড় পেকেজ হৈছে বাৰ্ষিক ২৩.৫ লাখ টকা। ইয়াৰোপৰি ২২ জন শিক্ষাৰ্থীয়ে ১ কোটিৰো অধিক টকাৰ বাৰ্ষিক পেকেজ লাভ কৰিছে।
শৈক্ষিক প্ৰতিষ্ঠানখনৰ এই প্লেছমেণ্টত সৰ্বাধিক অভিযান্ত্ৰিক আৰু প্ৰযুক্তি খণ্ডত শিক্ষাৰ্থীয়ে নিয়োগ লাভ কৰিছে। বিভিন্ন অভিযান্ত্ৰিক ক্ষেত্ৰত প্ৰৱেশ পৰ্যায়ৰ ১০৬ টা মুখ্য অভিযান্ত্ৰিক কোম্পানীত ৪৩০ জন শিক্ষাৰ্থীয়ে বাছনি লাভ কৰিছে।
৩৭০ জন শিক্ষাৰ্থীয়ে ৮৪ টা কোম্পানীৰ আই টি, ছফ্টৱেৰ খণ্ডত নিয়োগ লাভ কৰিছে। উল্লেখ্য যে, যোৱা বৰ্ষত এই প্ৰতিষ্ঠানখনত ২৯ টা কনছাল্টিং কোম্পানীয়ে ১১৭ টা কনছাল্টিং আগবঢ়াইছিল। তাৰোপৰি সেইবাৰ ট্ৰেডিং, বেংকিং, ফিনটেক কোম্পানীৰো আগমণ ঘটিছিল।
এইবাৰ প্ৰতিষ্ঠানখনত প্লেছমেণ্টৰ সময়ত ৩৩ টা বিত্তীয় সেৱা প্ৰতিষ্ঠানৰ আগমণ ঘটিছিল আৰু তেওঁলোকে ১১৩ জনক নিয়োগ কৰিছে। কৃত্তিম বুদ্ধিমত্তা চমুকৈ এ আই, মেচিন লাৰ্নিং, প্ৰডাক্ট মেনেজমেণ্ট, মবিলিটী, ৫জি, ডাটা ছাইন্স এণ্ড এনালাইটিক্স আৰু শিক্ষাখণ্ডত এইবাৰ শিক্ষাৰ্থীসকলে নিয়োগ লাভ কৰিছে।
পূৰ্বতকৈ এইবাৰ আই আই টি ব'ম্বেলৈ ১২ শতাংশ কোম্পানীৰ আগমণ বৃদ্ধি পাইছে। এইবাৰ মুঠ ২৪৩ টা প্ৰতিষ্ঠানে প্ৰতিষ্ঠানখনত পঞ্জীয়ন কৰিছিল। ইয়াৰে ৩৮৮ টা প্ৰতিষ্ঠানে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে। ইয়াৰে ৩৬৪ টা প্ৰতিষ্ঠানে শিক্ষাৰ্থীসকলক নিয়োগৰ প্ৰস্তাৱ দিয়ে। এই প্লেছমেণ্ট কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে।
ইয়াৰোপৰি প্ৰতিষ্ঠানখনৰ ৭৮ জনে আন্তঃৰাষ্ট্ৰীয় প্ৰস্তাৱ লাভ কৰিছে। এইসকলক জাপান, টাইৱান, ইউৰোপ, ইউ এ ই, ছিংগাপুৰ, ইউ এছ এ, নেডাৰলেণ্ড, হংকং আদিৰ প্ৰতিষ্ঠানে নিয়োগৰ প্ৰস্তাৱ দিছে।
পূৰ্বৰ বছৰত ৬৫ জনে এইদৰে আন্তঃৰাষ্ট্ৰীয় প্ৰতিষ্ঠানৰ প্ৰস্তাৱ লাভ কৰিছিল। স্মৰ্তব্য যে, আই আই টি বম্বেত এই প্লেছমেণ্টৰ কাৰ্যসূচী ২০২৩ ৰ জুলাইৰ পৰা আৰম্ভ হৈ ২০২৪ ৰ ৭ জুলাইত অন্ত পৰিছে।