AHSEC: উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষত নামভৰ্তিৰ বাবে জানিব লাগিব এই কথা...

AHSEC: উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষত নামভৰ্তিৰ বাবে জানিব লাগিব এই কথা...
AHSEC: উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষত নামভৰ্তিৰ বাবে জানিব লাগিব এই কথা...

ডিজিটেল ডেস্কঃ অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ (Assam Higher Secondary Education Council)-এ ২০২৩-২৪ শিক্ষাবৰ্ষৰ একাদশ শ্ৰেণীৰ নামভৰ্তিৰ সন্দৰ্ভত জাৰি কৰিছে এক গুৰুত্বপূৰ্ণ নিৰ্দেশনা। এই নিৰ্দেশনা অনুসৰি সকলো শিক্ষাৰ্থীয়ে শিক্ষা বিভাগৰ দৰ্পণ প'ৰ্টেল (Darpan Portal) ৰ জৰিয়তে নামভৰ্তিৰ বাবে অনলাইন আৱেদন কৰিব লাগিব।

কোনো শিক্ষানুষ্ঠানতে অফলাইন পদ্ধতিৰে নামভৰ্তি কৰিব নোৱাৰিব। অহা ২৯ মে’ৰ পৰা দৰ্পণ প'ৰ্টেল(Darpan Portal) ৰ জৰিয়তে আৰম্ভ হ'ব এই অনলাইন আৱেদন পক্ৰিয়া। জাৰি কৰা নিৰ্দেশনাত উল্লেখ কৰা অনুসৰি এগৰাকী শিক্ষাৰ্থীয়ে সৰ্বাধিক ৫ খন শিক্ষানুষ্ঠানৰ বাবে আৱেদন কৰিব পাৰিব।

তাৰে কোনো এখনত তেওঁ নামভৰ্তি কৰাৰ সুযোগ পাব। নিৰ্দেশনা অনুসৰি ১২ জুনত নামভৰ্তিৰ বাছনি তালিকা প্ৰকাশ পাব। ১৬ জুনত নামভৰ্তি নিশ্চিত কৰিব লাগিব শিক্ষাৰ্থীসকলে।

এই সকলো প্ৰক্ৰিয়া দৰ্পণ প'ৰ্টেল(Darpan Portal)ৰ জৰিয়তে অনলাইন মাধ্যমেৰেই হ’ব। ইয়াৰোপৰি শিক্ষাৰ্থীসকলে প'ৰ্টেলত তেওঁলোকৰ প্ৰফাইল মাত্ৰ এবাৰহে সম্পাদনা কৰাৰ সুযোগ পাব।

সেয়েহে সকলোৱে তেওঁলোকৰ সবিশেষ আপলোড কৰাৰ সময়ত সচেতন হোৱাটো বাঞ্চনীয়। দৰ্পণ প'ৰ্টেলৰ জৰিয়তে শিক্ষাৰ্থীসকলে বাচনি কৰা শিক্ষানুষ্ঠানত নামভৰ্তিৰ সুযোগ লাভ কৰিছে নে নাই সেই বিষয়ে জানিব পাৰিব। থাকিব ৱেইটিং লিষ্টো।

ইয়াৰোপৰি তেওঁলোকে কোনখন শিক্ষানুষ্ঠানত নামভৰ্তিৰ সুযোগ লাভ কৰিছে সেই বিষয়ে এছ এম এছৰ জৰিয়তেও জানিব পাৰিব। ইয়াৰোপৰিও আছে আন কেইবাটাও গুৰুত্বপূৰ্ণ নিৰ্দেশনা।

সেই বিষয়ে শিক্ষাৰ্থীসকলে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে জাৰি কৰা নিৰ্দেশনা (AHSEC Notidication) চাব পাৰিব। সেই নিৰ্দেশনা তলত সংলগ্ন কৰা হ’ল।   

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in