সাৱধান! ৪০০০ৰো অধিক ৱেবছাইটত হেকাৰৰ আক্ৰমণ…

সাৱধান! ৪০০০ৰো অধিক ৱেবছাইটত হেকাৰৰ আক্ৰমণ…

author-image
asomiyapratidin
New Update
সাৱধান! ৪০০০ৰো অধিক ৱেবছাইটত হেকাৰৰ আক্ৰমণ…

ডিজিটেল ডেস্কঃ ৪০০০ ৱেবছাইটক লৈ সৃষ্টি হৈছে সংশয়। অনলাইন শ্ব'পিং, ব্লগ, ই-লাৰ্ণিং ৱেবছাইটত চলাইছে হেকাৰে আক্ৰমণ। এই ৱেবছাইটসমূহৰ লাইভ চাট, এনাইলেটিং টুলছ আদিৰ তথ্য পৰিছেগৈ তৃতীয় পক্ষৰ হাতত। হেকাৰৰ লক্ষ্য হ'ল এই ছাইটসমূহৰ তথ্য, কৰ জমা দিয়াৰ সবিশেষ আৰু ৱেবছাইটসমূহৰ জৰিয়তে কৰা ধনৰ লেন-দেন, পেইমেন্ট ডিটেইলছ, গ্ৰাহকৰ নাম সংগ্ৰহ কৰা।

Advertisment

জেডিনেটে প্ৰকাশ কৰা তথ্য অনুসৰি, বহু কেইটা জনপ্ৰিয় ই-ব্যৱসায়ৰ সৈতে জড়িত ৱেবছাইটৰ তথ্য সংগ্ৰহ কৰি তেওঁলোকে সেই ৱেবছাইটসমূহত দৰ্শন কৰা ভিজিটৰৰ তথ্যও সংগ্ৰহ কৰিছে। এই ধৰণে হেকাৰে চলোৱা আক্ৰমণত থাৰ্ড পাৰ্টি, ভেলু চেইন/ চাপ্লাই চেইন এটেক বুলি কোৱা হয়। হেকাৰে ৱেবছাইটবোৰত সোমাই এই ৱেবছাইটবোৰত দৰ্শন কৰা ভিজিটৰৰ সবিশেষ সংগ্ৰহ কৰে।

২০১৭ৰ পৰা ১৮চনৰ ভিতৰত এই ধৰণৰ আক্ৰমণ ৭৮ শতাংশ বৃদ্ধি পাইছে। সেয়েহে এতিয়া বহু ৱেবছাইটৰ বাবে নিৰাপত্তা এক প্ৰশ্ন হৈ পৰিছে। লক্ষণীয় কথাটো হ'ল- এনেধৰণে হেকাৰে এই ৱেবছাইটসমূহ লক্ষ্য কৰি লোৱাৰ পাছতে সেই কথা ৱেবছাইট পৰিচালনা কৰা কৰ্তৃপক্ষই গম নাপাবও পাৰে।

সাধাৰণ হেকাৰৰ দৰেই এই হেকাৰে হেক নকৰে ৱেবছাইট। এনে হেকাৰৰ কৱলত পৰিছে প্ৰায় ৪০০০ৰো অধিক ৱেবছাইট। হেকাৰে ইয়াৰ জৰিয়তে দৰ্শনাৰ্থীৰ নাম, ম'বাইল নম্বৰ, ব্ৰাউজিং ডাটা, বেংক একাউণ্টৰ সবিশেষ লাভ কৰিব পাৰে। সেয়েহে ৱেবছাইটৰ দৰ্শনাৰ্থীৰ বিষয়ে সবিশেষ কনটেন্ট ডেলিভাৰী নেটৱৰ্কৰ তথ্য সংগ্ৰহ কৰা ব্যৱস্থাৰ জৰিয়তে এই শ্ৰেণীৰ হেকাৰে অতি গোপনে সংগ্ৰহ কৰিলেও, কোনেও গম নাপায়।