বেদেতী আদৰ্শ স্নাতক মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন...

মন্ত্ৰী পীযুষ হাজৰীকা, সাংসদ ৰঞ্জিত দত্ত, বিধায়ক দিগন্ত কলিতাৰ উপস্থিতিত শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে স্থাপন কৰে আধাৰশিলা

author-image
Asomiya Pratidin
New Update
বেদেতী আদৰ্শ স্নাতক মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন...

বেদেতী আদৰ্শ স্নাতক মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন...

ডিজিটেল সংবাদ বিহালীঃ আজি বিহালীৰ উপ-নিৰ্বাচনৰ প্ৰাকক্ষণত মন্ত্ৰী পীযুষ হাজৰীকা, সাংসদ ৰঞ্জিত দত্ত, বিধায়ক দিগন্ত কলিতাৰ উপস্থিতিত শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে বিহালীৰ বেদেতীত বেদেতী আদৰ্শ স্নাতক মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰে৷

Advertisment

২৫ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া আদৰ্শ কলেজখনৰ আধাৰশিলা স্থাপন কৰি শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে ৰাইজৰ আগত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্যৰ বিভিন্ন উন্নয়ন মূলক কামৰ খতিয়ান দাঙি ধৰে৷ আনহাতে শিক্ষামন্ত্ৰী ডাঃ পেগুৱে সাংবাদিকৰে হোৱা সাক্ষাৎকালত অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ স্বীকৃতি সন্দৰ্ভত প্ৰতিক্ৰিয়াও প্ৰকাশ কৰে।

তেওঁ কয় যে , এখন চিঠি লিখিয়েই আজি আমি এই স্বীকৃতি লাভ কৰা নাই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা শিক্ষা মন্ত্ৰী হৈ থকাৰ সময়তে ধ্ৰুপদী ভাষাৰ স্বীকৃতি লাভ কৰাৰ কাৰনে প্ৰয়োজনীয় নথি প্ৰস্তুতৰ কাম হৈছিল ৷

যিদৰে চৰাইদেউ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি লাভ কৰিবলৈ ড'চিয়াৰ প্ৰস্তুত কৰিবলগীয়া হৈছিল ঠিক তেনেদৰে অসমীয়া ভাষা ধ্ৰুপদী ভাষা হিচাবে স্বীকৃতি লাভ কৰিবলৈ ড'চিয়াৰ প্ৰস্তুত কৰা হৈছিল ৷

Also Read: চিৰাঙত BTC প্ৰশাসনৰ উদ্যোগত ভূমি বন্দোবস্তিৰ প্ৰমান পত্ৰ বিতৰণ...

পীযুষ হাজৰিকা ডাঃ ৰণোজ পেগু বেদেতী বিহালী