/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/09/CAA.jpg)
ডিজিটেল সংবাদ, চিৰাংঃ চিৰাঙৰ বাসুগাঁও চহৰত জাতি ধ্বংসী নাগৰিকত্ব সংশোধনী আইন- ২০১৯ (CAA) আৰু পাৰিৱেশিক প্ৰভাৱ নিৰূপণ অধিসূচনা – ২০২০ (EIA) বাতিল কৰাৰ দাবীত সদৌ অসম ছাত্ৰ সন্থা চমুকৈ আছুৰ "মানৱ শৃংখল কাৰ্য্যসূচী ৰূপায়ণ কৰে ।
কোভিড প্ৰটকল অনুসৰি মুখত মাস্ক আৰু সামাজিক দুৰত্ব বজাই ৰাখি বাসুগাঁও আঞ্চলিক ছাত্ৰ সন্থা কাৰ্য্যালয়ৰ সন্মূখত আছু ৰ অৰ্দ্ধ শতাধিক সদস্য সদস্যা সকলে হাতে হাতে প্লেকাৰ্ড লৈ CAA আমি নেমানো, জাতি ধ্বংসী নাগৰিকত্ব সংশোধনী আইন-২০১৯ বাতিল কৰক, EIA -2020 বাতিল কৰক, আছু জিন্দাবাদ, বিজেপি চৰকাৰ মুৰ্দাবাদ আদি ধ্বনিৰে প্ৰতিবাদ স্থলী উত্তাল কৰি তোলে ।
আজি আছুৰ এই "মানৱ শৃংখল কাৰ্য্যসূচী" ত অংশগ্ৰহন কৰি আছুৰ জিলা সভাপতি ৰূপম কুমাৰ দাসে কয় যে অসমৰ ৰাইজক বিজেপি দলে পৰিবৰ্তনৰ প্ৰতিশ্ৰুতি দি চৰকাৰ গঠন কৰি পৰবৰ্তী সময়ত অসমৰ জনগণৰ তীব্ৰ বিৰোধিতা কৰা সত্বেও বিজেপি চৰকাৰ খনে নাগৰিকত্ব সংশোধনী বিধেয়ক খন লোকসভা আৰু ৰাজ্যসভাত উত্থাপন কৰি আইনত পৰিণত কৰি অসমৰ জনগণৰ ওপৰত নাগৰিকত্ব সংশোধনী আইন-২০১৯ জাপি দিলে যি অসমৰ সংগ্ৰামী জনগনে কেতিয়াও মানি লোৱা নাই আৰু আগলৈ মানি নলয়, তাৰ মাজতে নতুনকৈ পাৰিৱেশিক প্ৰভাৱ নিৰূপণ অধিসূচনা – ২০২০ (EIA) জাপি দিলে যাৰ আমি তীব্ৰ বিৰোধিতা কৰিছো । মুঠৰ ওপৰত যেতিয়া লৈকে চৰকাৰে এই CAA আৰু EIA বাতিল নকৰে তেতিয়া লৈকে অসমৰ ৰাজপথত আমাৰ প্ৰতিবাদ অব্যাহত থাকিব ।