টীয়ক চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয়লৈ আছুৰ গ্ৰন্থ দান

টীয়ক চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয়লৈ আছুৰ গ্ৰন্থ দান

author-image
asomiyapratidin
New Update
টীয়ক চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয়লৈ আছুৰ গ্ৰন্থ দান

ডিজিটেল সংবাদ, টীয়কঃ টীয়ক অঞ্চলৰ অগ্ৰণী শিক্ষানুষ্ঠান টীয়ক চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয়ৰ পুথিভঁৰাললৈ বৃহস্পতিবাৰে সদৌ অসম ছাত্ৰ সন্থাই আগবঢ়াই গ্ৰন্থৰ টোপোলা।

Advertisment

আছুৰ দ্বাৰা প্ৰকাশিত "জ্যোতিপ্ৰসাদৰ সৃষ্টি আৰু চেতনা" নামৰ গ্ৰন্থখনকে ধৰি বহুকেইখন গ্ৰন্থ আগবঢ়ায় সংগঠনটোৱে। উল্লেখ্য যে, বৰ্তমান সময়ত আছুৱে যিদৰে বিভিন্ন ধৰণে নিবনুৱাসকল স্বাৱলম্বী হোৱাৰ বাবে অৰ্থনৈতিক আন্দোলনৰ সূচনা কৰিছে, তেনে সময়তে সদৌ অসম ছাত্ৰ সন্থাৰ অন্যতম যোৰহাট জিলা ছাত্ৰ সন্থাই কিতাপ আগবঢ়োৱা কাৰ্যক সকলোৱে প্ৰশংসা কৰে।

যোৰহাট জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক জিতু নেওগ, টীয়ক আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি ৰন্টু ভূঞা, যোৰহাট মহকুমা ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক যদুমণি বৰুৱাই মহাবিদ্যালয়খনত উপস্থিত হৈ মহাবিদ্যালয়খনৰ পুথিভঁৰাললৈ গ্ৰন্থ আগবঢ়ায়।