মৃত মহিলাৰ গৰ্ভাশয়ৰ পৰা জন্ম শিশুৰ, চিকিৎসা বিজ্ঞানৰ সফলতাই সৃষ্টি কৰিছে আশ্বৰ্য

মৃত মহিলাৰ গৰ্ভাশয়ৰ পৰা জন্ম শিশুৰ, চিকিৎসা বিজ্ঞানৰ সফলতাই সৃষ্টি কৰিছে আশ্বৰ্য

author-image
asomiyapratidin
New Update
মৃত মহিলাৰ গৰ্ভাশয়ৰ পৰা জন্ম শিশুৰ, চিকিৎসা বিজ্ঞানৰ সফলতাই সৃষ্টি কৰিছে আশ্বৰ্য

ডিজিটেল ডেস্কঃ সমগ্ৰ বিশ্বৰ বিজ্ঞান আৰু প্ৰযুক্তিয়ে প্ৰতিদিনে ন ন তথ্যৰ উদঘাটন কৰি আহিছে৷ নতুন নতুন আৱিস্কাৰেৰে মানৱ জাতিক হতচকিত কৰি তুলিছে বিজ্ঞান আৰু প্ৰযুক্তিয়ে৷ তেনে সময়তে গৰ্ভাশয় অবিহনে জীয়াই থকা মহিলাসকলৰ বাবে চিকিৎসা বিজ্ঞান পুনৰ এবাৰ বৰদান হিচাপে পৰিগণিত হৈছে৷ ব্ৰাজিলত এগৰাকী ৩২ বৰ্ষীয় গৰ্ভাশয়হীন মহিলাৰ শৰীৰত এগৰাকী মৃত মহিলাৰ গৰ্ভৰ সন্তান সংৰোপন কৰি এই সফলতা অৰ্জন কৰিছে চিকিৎসা বিজ্ঞানে৷ শেহতীয়াকৈ মহিলাগৰাকীয়ে এটি সুস্থ সৱল সন্তানো জন্ম দিবলৈ সক্ষম হৈছে৷

Advertisment

উল্লেখ্য যে, ইয়াৰ পূৰ্বেও গৰ্ভ সংৰোপন কৰি চিকিৎসা বিজ্ঞানে সফলতা লাভ কৰিছিল যদিও মৃত মহিলাৰ গৰ্ভ আন এগৰাকী মহিলাৰ শৰীৰত সংৰোপন কৰাৰ দৰে সফলতা চিকিৎসা বিজ্ঞানত এয়াই প্ৰথম হিচাপে পৰিগণিত হৈছে৷

মেডিকেল জাৰ্ণাল লেন্সেট নামৰ চিকিৎসা বিজ্ঞান সম্বন্ধীয় আন্তৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি ব্ৰাজিলৰ এটি চিকিৎসকৰ দলে এগৰাকী ৪৫ বৰ্ষীয় গৰ্ভাৱতী মহিলাৰ মৃত্যুৰ পাছত প্ৰায় ১০ ঘন্টা জোৰা অস্ত্ৰোপচাৰৰ জৰিয়তে গৰ্ভাশয় বাহিৰ কৰি এগৰাকী ৩২ বৰ্ষীয় মহিলাৰ শৰীৰত সংৰোপন কৰে৷ এই অস্ত্ৰোপচাৰ সম্পূৰ্ণ চৰকাৰী খৰচত কৰা হৈছিল৷

এই অস্ত্ৰোপচাৰৰ ৭ মাহ পিছত মহিলাগৰাকীয়ে এটি সন্তান জন্ম দিয়ে৷ চিকিৎসকে সদৰী কৰা মতে, বৰ্তমান মহিলাগৰাকী আৰু শিশুটি সম্পূৰ্ণ সুস্থ৷ মহিলাগৰাকীৰ গৰ্ভাৱস্থাকালত তেওঁৰ স্বাস্থ্যৰ যাতে কোনো কাৰণতে অৱনতি নঘটে, তাৰ প্ৰতি অহৰহ নজৰ ৰখা হৈছিল বুলিও জানিবলৈ দিয়ে অস্ত্ৰোপচাৰ সম্পন্ন কৰা চিকিৎসকৰ দলটোৱে৷

উল্লেখ্য যে, সমগ্ৰ বিশ্বৰ মহিলাই মাতৃ হোৱাৰ গৌৰৱ অৰ্জন কৰিব বিচাৰে৷ কিন্তু এই গৌৰৱ সকলোৱে লাভ নকৰে৷ কিন্তু বৰ্তমান চিকিৎসা বিজ্ঞানে লাভ কৰা এই সফলতাৰ জৰিয়তে গৰ্ভ সংৰোপনৰ জৰিয়তে মহিলাসকলে মাতৃত্বৰ গৌৰৱ অৰ্জন কৰিব পাৰিব৷