কেতিয়া ঘোষণা হ'ব উচ্চতৰ মাধ্যমিকৰ ফলাফল? শিক্ষামন্ত্ৰীয়ে কৈছিল এইদৰে...

কেতিয়া ঘোষণা হ'ব উচ্চতৰ মাধ্যমিকৰ ফলাফল? শিক্ষামন্ত্ৰীয়ে কৈছিল এইদৰে...

author-image
Asomiya Pratidin
New Update
কেতিয়া ঘোষণা হ'ব উচ্চতৰ মাধ্যমিকৰ ফলাফল? শিক্ষামন্ত্ৰীয়ে কৈছিল এইদৰে...

কেতিয়া ঘোষণা হ'ব উচ্চতৰ মাধ্যমিকৰ ফলাফল? শিক্ষামন্ত্ৰীয়ে কৈছিল এইদৰে...

ডিজিটেল ডেস্কঃ কেতিয়া ঘোষণা হ'ব উচ্চতৰ মাধ্যমিকৰ ফলাফল? শিক্ষামন্ত্ৰী ড০ ৰণোজ পেগুৱে পূৰ্বে ঘোষণা কৰা অনুসৰি চলিত মে' মাহতেই ঘোষণা কৰাৰ কথা আছিল অসম উচ্চতৰ মাধ্যমিকৰ ফলাফল। কিন্তু আজি মে' মাহৰ অন্তিমটো দিন। এই মুহূৰ্তলৈকে ঘোষণা কৰা নাই ফলাফল।

Advertisment

উল্লেখ্য ২২ মে'ৰ পুৱা হঠাৎ ছেবাই ঘোষণা কৰিছিল মেট্ৰিকৰ পৰীক্ষাৰ ফলাফল। পূৰ্বৰ পৰম্পৰা ভংগ কৰি শিক্ষাৰ্থীক 'ছাৰপ্ৰাইজ' দিবলৈ ছেবাই এইদৰে ফলাফল ঘোষণাৰ পাছতে উচ্চতৰ মাধ্যমিকৰ ফলাফলো একেদৰে দিয়া হ'ব বুলি প্ৰকাশ পাইছিল।

অৱশ্য তাৰ মাজতে উচ্চতৰ মাধ্যমকিৰ ফলাফলক লৈ উলাইছিল কেইবাটাও উৰাবাতৰি। কোনো কোনোৱে ২৫ মে'ত ফলাফল ঘোষণা হ'ব বুলি কৈছিল যদিও শিক্ষামন্ত্ৰীয়ে সেয়া উৰা বাতৰি বুলি স্পষ্ট কৰিছিল।

শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুক সাংবাদিকে ফলাফল কেতিয়া ঘোষণা কৰা হ'ব সেই সন্দৰ্ভত কৰা এক প্ৰশ্নত তেওঁ কৈছিল, শিক্ষাৰ্থীক মানসিক চাপমুক্ত কৰি ৰাখিবলৈকে পূৰ্বৰ দৰে আগতিয়াকৈ পৰীক্ষাৰ ফলাফল কেতিয়া ঘোষণা কৰা হ'ব সেই সম্পৰ্কে ঘোষণা কৰা নহয়। মে' মাহৰ শেষলৈ শিক্ষাৰ্থীয়ে লাভ কৰিব ফলাফল।

আজি মে' মাহৰ অন্তিমটো দিন। এই পৰ্যন্ত উচ্চতৰ মাধ্যমিকৰ ফলাফল ঘোষণা নহ'ল। সেয়ে হয়তো উচ্চতৰ মাধ্যমিকৰ ফলাফল লাভৰ বাবে শিক্ষাৰ্থীয়ে এতিয়া জুন মাহলৈ অপেক্ষা কৰিব লাগিব।

ৰণোজ পেগু অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ