/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-09-26/ez6irnvv/school-26.jpg)
ৰঙিয়াৰ ইউক্লিড ছিনিয়ৰ ছেকেণ্ডাৰীৰ শৈক্ষিক সভা সম্পন্ন...
ডিজিটেল সংবাদ,ৰঙিয়া: "আমাৰ দেশে স্বাধীনতাৰ পয়সত্তৰ বছৰ অতিক্ৰম কৰিলে যদিও দেশীয় শিক্ষাই ইপ্সিত লক্ষ্যত উপনীত হ'ব পৰা নাই। এতিয়াও শ্ৰেণীকোঠাত ছাত্ৰই কি শিকিবলৈ আহিছে তাত গুৰুত্ব দিয়া নহয়, বৰঞ্চ জাপি দিয়া পাঠ্যক্ৰমহে। শিক্ষাৰ্থীয়ে অধ্যয়ন কৰিব লাগে। শ্ৰেণীৰ দূৰ্বল ছাত্ৰজনৰ সফলতাই হ'ল শিক্ষকৰ বাবে প্ৰকৃত গুৰু দক্ষিণা।"
এই মন্তব্য বিশিষ্ট শিক্ষাবিদ পৰেশ বৈশ্যৰ। আজি ৰঙিয়াৰ আগশাৰীৰ ব্যাক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান ইউক্লিড ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ উদ্যোগত স্থানীয় হৰদত্ত বীৰদত্ত ভৱন প্ৰেক্ষাগৃহত অনুষ্ঠিত শৈক্ষিক সভাত বিশিষ্ট অতিথিৰূপে অংশগ্ৰহণ কৰি বৈশ্যই লগতে কয় যে, সাম্প্ৰতিক শিক্ষা ব্যৱস্থাত শ্ৰেণীকোঠাত শিক্ষাৰ্থীৰ স্বাধীনতা কম। শ্ৰেণীকোঠা শিক্ষকৰ অভিভাৱকত্বত চলে। সাম্প্ৰতিক শিক্ষা শিক্ষাৰ্থী কেন্দ্ৰীক হোৱাৰ পৰিবৰ্তে শিক্ষক কেন্দ্ৰীক হৈ আছে।
ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ জৰিয়তে এই ক্ষেত্ৰত এক আমূল পৰিবৰ্তন আহিব বুলিও আশা প্ৰকাশ কৰে বৈশ্যই। বিশিষ্ট চলচ্চিত্ৰ প্ৰযোজক, কৃতী শিক্ষক পংকজ পল্লৱ শৰ্মাই আঁত ধৰা শৈক্ষিক সভাত পূব কামৰূপ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক পবীন কলিতাই ভাষণ প্ৰসঙ্গত ইতিহাস চৰ্চাৰ গুৰুত্ব সম্পৰ্কে উল্লেখ কৰে।
বিদ্যালয়খনৰ অধ্যক্ষ আব্দুল ৰহিমৰ সঞ্চালনাত অনুষ্ঠিত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটোত শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ পদাধিকাৰ তথা ৰঙিয়া মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ভবেন্দ্ৰ নাথ ডেকাই অংশগ্ৰহণ কৰে।ভাষণ প্ৰসঙ্গত শিক্ষকসকলক অকল শ্ৰেণী কোঠাতেই আৱদ্ধ নাথাকি সমাজৰ শিক্ষক হ'বলৈ আহ্বান জনায়।
তেওঁ কয় যে, মনৰ উৎকৰ্ষ সাধনৰ জৰিয়তে শিক্ষাৰ ইস্পিত লক্ষ্য উপনীত হ'ব পাৰি। যান্ত্ৰিকতাক আদৰি লোৱাৰ লগতে মূল্যবোধৰ শিক্ষাকো গুৰুত্ব দিব লাগিব বুলি উল্লেখ কৰে ডেকাই। ৰাজ্যিক কৃতী শিক্ষকৰ বঁটা প্ৰাপক হীৰেন দাসেও ভাষণ ৰখা অনুষ্ঠানটোত উপস্থিত থকা বিভিন্ন বিদ্যালয়ৰ শিক্ষক- শিক্ষয়িত্ৰী, সাংবাদিক আৰু সমাজকৰ্মীক সম্বৰ্ধনা জনোৱা হয়।
অসম সাহিত্য সভাৰ মাতৃভাষা ৰাজ্যভাষা প্ৰয়োগ সমিতিৰ আহ্বায়ক হেমন্ত কলিতা, ৰণদিয়া শতদল সাহিত্য সভাৰ সভাপতি জয়ন্ত জিৎ কলিতা, প্ৰাক্তন প্ৰধান শিক্ষক আব্দুল জব্বৰ, গৌৰী প্ৰভা মহন্ত, লক্ষীকান্ত মহন্ত প্ৰমুখ্যে বিশিষ্ট ব্যাক্তিসকল উপস্থিত থকা অনুষ্ঠানটোত শিলচৰস্থিত আই আই টিত অধ্যয়নৰত বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ তথা ৰঙিয়াৰ বিজ্ঞানৰ টপাৰ আছিফ হুছেইন আৰু দ্বিতীয় গৰাকী টপাৰ নিশান্ত শৰ্মাক নগদ ধনেৰে পুৰস্কৃত কৰা হয়।
ইয়াৰ লগতে নীট আৰু ইঞ্জীনিয়াৰিঙত স্থানপ্ৰাপ্ত ছাত্ৰ-ছাত্ৰীসকলক পুৰস্কৃত কৰা হয়। অনুষ্ঠানটি পৰিচালনা কৰে সঞ্চালক ৰেকিব আহমেদে। বিয়লিৰ ভাগত ছাত্ৰ-ছাত্ৰীসকলে সাংস্কৃতিক অনুষ্ঠান পৰিবেশনৰে উপস্থিত লোকসকলক আপ্লুত কৰে।