ছয়দুৱাৰ মহাবিদ্যালয়ত সংযোজিত হ'ল পূৰ্ণাংগ শিক্ষক শিক্ষা কাৰ্য্যক্ৰম...

গহপুৰৰ শৈক্ষিক জগতৰ বাবে সুখবৰ
ছয়দুৱাৰ মহাবিদ্যালয়ত সংযোজিত হ'ল পূৰ্ণাংগ শিক্ষক শিক্ষা কাৰ্য্যক্ৰম...
ছয়দুৱাৰ মহাবিদ্যালয়ত সংযোজিত হ'ল পূৰ্ণাংগ শিক্ষক শিক্ষা কাৰ্য্যক্ৰম...

ডিজিটেল সংবাদ ছয়দুৱাৰ: সুস্থ-সবল বিদ্যায়তনিক পৰিৱেশৰ জৰিয়তে ছাত্র-ছাত্ৰীসকলক জ্ঞানৰ আলোকেৰে আলোকিত কৰি অহা গহপুৰ মহকুমাৰ উচ্চ শিক্ষাৰ অন্যতম প্ৰাণকেন্দ্ৰ ছয়দুৱাৰ মহাবিদ্যালয়ত নতুনকৈ সংযোজিত হ'ল National Council for Teacher Education(NCTE )ৰ পাঠ্যক্ৰম Integrated Teacher Education Programme ( ITEP) অৰ্থাৎ পূৰ্ণাংগ শিক্ষক শিক্ষা কাৰ্য্যক্ৰম।পূৰ্বতে মহাবিদ্যালয়খনৰ তৰফৰ পৰা এই পাঠ্যক্ৰমৰ বাবে আবেদন জনোৱা হৈছিল যদিও ই সম্ভৱপৰ হৈ উঠা নাছিল।

বৰ্তমানৰ মহাবিদ্যালয়খনৰ অধ্যক্ষ ড০ কিশোৰ সিং ৰাজপুতৰ লগতে অধ্যাপক-অধ্যাপিকা আৰু পৰিচালনা সমিতিৰ সদস্য-সদস্যাসকলৰ সামূহিক প্ৰচেষ্টা আৰু গহপুৰৰ শিক্ষানুৰাগী ৰাইজৰ প্ৰত্যক্ষ আৰু পৰোক্ষ সহযোগীতাৰ উপৰিও শুভাকাংক্ষীসকলৰ দিহা পৰামৰ্শৰ বাবেই এনে এক মহৎ কাৰ্য্য সম্ভৱপৰ হৈ উঠিল।

এই কাৰ্য্যক্ৰমৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলে চাৰি বছৰৰ ভিতৰতেই একেলগে দুটা ডিগ্ৰী B.A.B.Ed বা B.Sc.B.Ed লাভ কৰিব পাৰিব। তাৰ বাবে অৱশ্যে ছাত্ৰ ছাত্ৰীসকলে উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত National Testing Agency , New Delhi (NTA)এ অনুষ্ঠিত কৰা সৰ্বভাৰতীয় পৰ্য্যায়ৰ বাচনি পৰীক্ষাত উত্তীৰ্ণ হ'ব লাগিব।

পৰবৰ্তী দিনত এই শিক্ষানুষ্ঠানখনলৈ ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে শিক্ষাগ্ৰহণ কৰিবলৈ আহিব পাৰিব।ইয়াৰ ফলত বিভিন্ন ৰাজ্যসমূহৰ ছাত্ৰ-ছাত্ৰীৰ এক শৈক্ষিক মিলন তীৰ্থত পৰিণত হ'ব ছয়দুৱাৰ মহাবিদ্যালয় আৰু মহাবিদ্যালয় পৰিয়ালৰ শ্ৰম, ত্যাগ গহপুৰৰ শৈক্ষিক জগতত চিৰ যুগমীয়া হৈ ৰ'ব।

উল্লেখযোগ্য যে ছয়দুৱাৰ মহাবিদ্যালয়ৰ তদানীন্তন অধ্যক্ষ ড০ অঞ্জন কুমাৰ ওজাৰ কাৰ্য্যকালৰ পৰা আৰম্ভ কৰি বৰ্তমানৰ অধ্যক্ষ ড০ কিশোৰ সিং ৰাজপুতৰ কাৰ্য্যকাললৈকে ছয়দুৱাৰ মহাবিদ্যালয়ে শৈক্ষিক ক্ষেত্ৰত এক নতুন গতি লাভ কৰা পৰিলক্ষিত হৈছে। আন্তঃগাঁথনিৰ চমকপ্ৰদ উন্নয়নৰ সমান্তৰালভাৱে শৈক্ষিক ক্ষেত্ৰখনৰো ঘটিছে দ্ৰুত পৰিৱৰ্তন।

মহাবিদ্যালয়খনত শেহতীয়াভাবে সংযোজিত হোৱা "পূৰ্ণাংগ শিক্ষক শিক্ষা কাৰ্য্যক্ৰম"ৰ ব্যৱস্থাই গহপুৰৰ শৈক্ষিক জগতখনলৈ আশাৰ বতৰা কঢ়িয়াই অনাৰ লগতে অধ্যক্ষ ড০ কিশোৰ সিং ৰাজপুতৰ বাবে ই এক গৌৰৱৰ বিষয় বুলি মন্তব্য কৰিছে শিক্ষানুৰাগী ৰাইজে।

ছয়দুৱাৰ মহাবিদ্যালয়ত সংযোজিত হ'ল পূৰ্ণাংগ শিক্ষক শিক্ষা কাৰ্য্যক্ৰম...
ধেমাজিত ম্যাদ যোৱা ঔষধ বিক্ৰীঃ বিষ্ণুপ্ৰিয়া ফাৰ্মাচীত লগালে তলা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in