১২ মাৰ্চত ‘ভবানন্দ দত্ত ৰচনা সমগ্ৰ’ৰ উন্মোচনী অনুষ্ঠান…

১২ মাৰ্চত ‘ভবানন্দ দত্ত ৰচনা সমগ্ৰ’ৰ উন্মোচনী অনুষ্ঠান…

author-image
asomiyapratidin
New Update
১২ মাৰ্চত ‘ভবানন্দ দত্ত ৰচনা সমগ্ৰ’ৰ উন্মোচনী অনুষ্ঠান…

ডিজিটেল সংবাদ, গুৱাহাটীঃ প্ৰথিতযশা বুদ্ধিজীৱী, কবি আৰু সমাজ- সাহিত্যৰ সমালোচক প্ৰয়াত 'ভবানন্দ দত্তৰ ৰচনা সমগ্ৰ' নামৰ এখন গ্ৰন্থ অসম পাবলিচিং কোম্পানীৰ সহযোগত নতুন সাহিত্য পৰিষদে প্ৰকাশ কৰি উলিয়াইছে। পৰিষদৰ এক বিজ্ঞপ্তিত প্ৰকাশ কৰা হৈছে যে, ড: পৰমানন্দ মজুমদাৰৰ মুখ্য সম্পাদনাত সংকলিত 'ভবানন্দ দত্ত ৰচনা সমগ্ৰ'ত প্ৰসিদ্ধ মাৰ্ক্সবাদী দাৰ্শনিক গৰাকীৰ ' দৃষ্টি আৰু দৰ্শন', 'অসমীয়া কবিতাৰ কাহিনী', ' ৰবীন্দ্ৰ প্ৰতিভা','Philosophy and India' বহু বিনন্দিত পুথিকেইখনৰ উপৰি আৱাহন, জয়ন্তী, ৰামধেনু, বৰদৈচিলা, কটনিয়ান আদিত সিঁচৰিত হৈ থকা প্ৰায় একুৰি দুষ্প্ৰাপ্য ৰচনাও সংকলিত হৈছে।

Advertisment

ইয়াৰ উপৰি সংকলিত হৈছে মনোৰঞ্জন শাস্ত্ৰীৰ সৈতে ডেৰ বছৰ কাল ধৰি 'ৰামধেনু'ত হোৱা বিতৰ্কৰ পূৰ্ণপাঠ আৰু হেম বৰুৱাৰ সৈতে এমাহ ধৰি The Assam Tribuneত হোৱা চিঠিৰ বাদানুবাদ। পৰিষদে প্ৰেছ বিজ্ঞপ্তিযোগে জনাইছে, পুথিখন অহা ১২ মাৰ্চৰ দিনা ২-৩০ বজাত কটন বিশ্ববিদ্যালয়ৰ এলুমনাই হলত আনুষ্ঠানিকভাৱে উন্মোচন কৰিব শ্ৰীযুতা নিৰুপমা বৰগোহাঞিয়ে।

অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব শ্ৰীযুতা সুদক্ষিণা শৰ্মা, ড: শিৱনাথ বৰ্মন আৰু অধ্যাপক ৰঞ্জিত কুমাৰ দেৱগোস্বামীয়ে। বিজ্ঞপ্তিত সকলোৰে উপস্থিতি কামনা কৰাৰ উপৰি জনোৱা হৈছে পুথিখনৰ আগতীয়াকৈ গ্ৰাহক হোৱা পঢ়ুৱৈক সিদিনা পুথিখন দিয়া হ'ব আৰু সভালৈ সকলেও ৬৫০ টকাৰ পুথিখন সিদিনা ৫০০ টকাত ক্ৰয় কৰিব পাৰিব।