/asomiyapratidin/media/media_files/2025/03/25/ZTqS40oST8Fwj1y0q8VZ.jpg)
ডিজিটেল ডেস্কঃ দক্ষিণ ভাৰতৰ চাহৰ উচ্চ মানদণ্ডৰ বাবে চাহৰ চাহিদা বৃদ্ধি পাইছে। ২০২৩-২৪ বিত্তীয় বৰ্ষত ভাৰতৰ পৰা চাহ ৰপ্তানি আছিল ৮৫২ মিলিয়ন ডলাৰ। কিন্তু ২০২৪-২৫ চনত এই সংখ্যা ৯০ কোটি ডলাৰলৈ বৃদ্ধি পোৱা বুলি সোমবাৰে কইম্বাটুৰত ভাৰতৰ চাহ ব’ৰ্ড-কুনুৰৰ কাৰ্যবাহী সঞ্চালক এম মুথুকুমাৰে প্ৰকাশ কৰে।
টি ব’ৰ্ড ইণ্ডিয়া-কুনুৰ আৰু কইম্বাটুৰৰ শ্ৰীৰামকৃষ্ণ কলেজ অৱ আৰ্টছ এণ্ড ছায়েন্সৰ কেটাৰিং আৰু হোটেল মেনেজমেণ্ট বিভাগৰ যৌথ উদ্যোগত সোমবাৰে কলেজ চৌহদত ‘টি ক্ৰাফটিং ২কে২৫’ শীৰ্ষক এক অনুষ্ঠান আয়োজন কৰা হয়।
সাধাৰণ মানুহৰ লগতে ৮খন মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে ছটা দল গঠন কৰি মাত্ৰ ৩০ মিনিটতে সফলতাৰে ৩০০ বিধ চাহ প্ৰস্তুত কৰে। তেওঁৰ এই উল্লেখযোগ্য প্ৰচেষ্টাই কালামৰ ৱৰ্ল্ড ৰেকৰ্ড বুকত স্থান লাভ কৰিছে।
অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰাৰ পিছত মুথুকুমাৰে সাংবাদিকৰ আগত কয় যে, ২০২৪-২৫ বিত্তীয় বৰ্ষত ভাৰতে মধ্য এছিয়াৰ কেইবাখনো দেশ, ৰাছিয়া, আৰু ইউৰোপীয় ৰাষ্ট্ৰলৈ প্ৰায় ২৫ কোটি কিলোগ্ৰাম চাহ ৰপ্তানি কৰিছিল। ইয়াৰে ১০ কোটি কিলোগ্ৰাম দক্ষিণ ভাৰতৰ পৰা ৰপ্তানি কৰা হৈছিল।