শেহতীয়া খবৰ
কলিয়াবৰত মন্ত্ৰী কেশৱ মহন্তই বিতৰন কৰিলে ৰাষ্ট্ৰীয় পতাকা...  •  বিহপুৰীয়াত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে উদ্বোধন কৰিলে ৰুৰবান মিচনৰ আচঁনি...  •  ঢকুৱাখনাত মহিলা সন্ধানহীন...  •  ধেমাজিৰ বি. চি কেয়াৰ চিকিৎসালয়ৰ প্ৰেক্ষাগৃহত ৫ খন কাব্য সংকলন উন্মোচন...  •  পলাশবাৰীৰ চিয়াঁহী উদ্যোগত বিধ্বংসী অগ্নিকাণ্ড...  •  মৈৰাবাৰীত অবৈধ বিলাতী সুৰা জব্দ...  •  কামপুৰত ৰাজু সমীৰণৰ “ জলপ্ৰলয় “ উন্মোচন...  •  টিপং কয়লাখনিৰ কেইবা কোটি মূল্যৰ লোহা চুৰিঃ লুটপাত ৰোধিব নোৱাৰা আৰক্ষীৰ সাংবাদিকৰ ওপৰতহে বিৰূপ মন্তব্য...  •  শিৱসাগৰত ৰাইজৰ দলৰ বৃহৎ যোগদান সমাৰোহঃ পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ কথা ঘোষণা...  •  কবিতা ১২/ সহস্ৰ গাঁঠিৰ বান্ধ

২ আগষ্টত ঘোষণা হ’ব পলিটেকনিকৰ ফলাফল

ডিজিটেল ডেস্কঃ পেট অৰ্থাৎ ‘আছাম পলিটেকনিক এডমিশ্যন টেষ্ট’ ২০২২ৰ ফলাফল ঘোষণা কৰা হ’ব ২ আগষ্ট ২০২২, মঙ্গলবাৰে। এই কথা টুইটাৰযোগে ঘোষণা কৰিছে শিক্ষা মন্ত্ৰী ড০ ৰণোজ পেগুৱে।

উল্লেখ্য যে, যোৱা ২৪ জুলাইত অনুষ্ঠিত হোৱা এই ‘আছাম পলিটেকনিক এডমিশ্যন টেষ্ট’ৰ ফলাফল ডিৰেক্টৰেট অৱ টেকনিকেল এডোকেশ্যন (DTE), আছাম পেজত উপলব্ধ হ’ব।

dte.assam.gov.in. এই লিংকত গৈ পৰীক্ষাৰ্থী সকলে নিজৰ ফলাফল সমূহ চাব পাৰিব। লিংকটোত গৈ নিজৰ ৰোল নম্বৰ আৰু জন্মৰ তাৰিখ উল্লেখ কৰিব লাগিব। আবেলি ৪ বজাত লিংকটোত ফলাফল উপলব্ধ হ’ব। আনহাতে পৰীক্ষা সংক্ৰান্তিয় আন কিছু তথ্যও লিংকটোত গৈ পৰীক্ষাৰ্থীসকলে চাব পাৰিব।

কেনেকৈ চাব আপোনাৰ ৰিজাল্টঃ

প্ৰথমে অফিচিয়েল ৱেবচাইট  dte.assam.gov.in লৈ যাওক। তাৰ পিছত ‘Polytechnic Admission Test- 2022  লিংকত ক্লিক কৰক। ইয়াৰ পিছত নিজৰ ৰোল নম্বৰ দাখিল কৰক। ইয়াৰ লগে লগে আপোনাৰ কম্পিউটাৰ বা মোবাইলৰ স্ক্ৰীণত দেখা পাব আপোনাৰ ৰিজাল্ট।