/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/0664b7ba-d74d-4516-bbc7-9e9ccf38aa42/pak_vs_zim.jpg)
PAK VS ZIM
ডিজিটেল ডেস্কঃ ক্ৰিকেট অনিশ্চিয়তাৰ খেল। টি-২০ বিশ্বকাপৰ আজিৰি পাকিস্তান আৰু জিম্বাবুৱেৰ মাজৰ মেচখনে পুনৰ সেই কথাকেই প্ৰমাণ কৰিলে। ইতিমধ্যে কেইবাটাও অঘটন সংঘটিতো হোৱা টি-২০ বিশ্বকাপত আজি আন এক অঘটন সংঘটিত কৰিলে জিম্বাবুৱে।
টি-২০ বিশ্বকাপৰ বৃহস্পতিবাৰৰ লীগ পৰ্যায়ৰ এখন মেচত শক্তিশালী পাকিস্তানক পৰাস্ত কৰি জিম্বাবুৱে সংঘটিত কৰিলে এই অঘটন। মেচখনত প্ৰথমে টছত জিম্বাবুৱে জয়লাভ কৰি বেটিং কৰাৰ সিদ্ধান্ত লয়।
প্ৰথম ইনিংছত দলটোৱে পাকিস্তানক জয়ৰ বাবে ১৩১ ৰানৰ লক্ষ্য বান্ধি দিয়ে। এই লক্ষ্য আগত লৈ ক্ৰিজত নমা পাকিস্তানে নিৰ্ধাৰিত অভাৰত লক্ষ্যত উপনীত হ'বলৈ সক্ষম নহ'ল। বাবৰ আজম বাহিনীয়ে নিৰ্ধাৰিত ২০ অভাৰত ৮ উইকেটৰ বিনিময়ত সংগ্ৰহ কৰে ১২৯ ৰাণ। উল্লেখ্য যে, ইয়াৰ পূৰ্বে পাকিস্তানে ভাৰতৰ হাততো পৰাজিত হৈছিল।