যুৱৰাজ সিঙক টি-২০ বিশ্বকাপৰ ব্ৰেণ্ড এম্বেছেডৰ হিচাপে নিযুক্তি

আজি মোৰ ২০০৭ৰ বিশ্বকাপলৈ মনত পৰিছে। সেই ৬টা বলত ৬টা ছিক্সাৰ কোবোৱাৰ কথা মনলৈ ভাহি আহিছে : যুৱৰাজ
যুৱৰাজ সিঙক টি-২০ বিশ্বকাপৰ ব্ৰেণ্ড এম্বেছেডৰ হিচাপে নিযুক্তি

ডিজিটেল ডেস্ক : আসন্ন টি-২০ বিশ্বকাপৰ বাবে ভাৰতীয় তাৰকা যুৱৰাজ সিঙক বিশেষ দায়িত্ব দিছে আই চি চিয়ে। বিশ্বকাপলৈ ৩৬দিন থকা অৱস্থাত এই দায়িত্ব দিয়া হৈছে বিশ্ব ক্ৰিকেটৰ অন্যতম তাৰকা তথা প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ যুৱৰাজ সিঙক।

আমেৰিকা আৰু ৱেষ্ট ইণ্ডিজত হ'ব লগা টি-২০ বিশ্বকাপৰ ব্ৰেণ্ড এম্বেছেডৰ হিচাপে আই চি চিয়ে যুৱৰাজ সিঙক দায়িত্ব প্ৰদান কৰে। এই দায়িত্ব লাভ কৰি অত্যন্ত সুখী বুলি যুৱৰাজ সিঙে মন্তব্য কৰে।

তেঁও কয়- আজি মোৰ ২০০৭ৰ বিশ্বকাপলৈ মনত পৰিছে। সেই ৬টা বলত ৬টা ছিক্সাৰ কোবোৱাৰ কথা মনলৈ ভাহি আহিছে। টি-২০ ক্ৰিকেট বিশ্বকাপৰ দৰে মেগা ইভেণ্ট আয়োজন কৰি আমৰিকাৰ ক্ৰিকেট যথেষ্ট আগুৱাই যাব বুলি সদৰী কৰে। আনহাতে ৱেষ্ট ইণ্ডিজ ক্ৰিকেটৰ বাবে আদৰ্শ স্থান বুলি তাৰকাগৰাকীয়ে মন্তব্য কৰে।

এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে ক্ৰিছ গেইল আৰু উছেইন ব'ল্টৰ পিচত যুৱৰাজ সিঙক আই চি চিয়ে এই দায়িত্ব প্ৰদান কৰে।

যুৱৰাজ সিঙক টি-২০ বিশ্বকাপৰ ব্ৰেণ্ড এম্বেছেডৰ হিচাপে নিযুক্তি
সমীকৰণ চলিছে ছেমছন-ৰাহুলকলৈ : ৪ নম্বৰ স্থানৰ বাবে বিকল্প হ’ব পাৰে ৰিয়ান পৰাগ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in