জয়ৰ লক্ষ্যৰে স্মৃতি মান্ধানাৰ ৰয়েল চেলেঞ্জাৰ্চ বাংগালুৰু

একেবাৰে পঞ্চম তথা শেষত আছে স্মৃতি মান্ধানা নেতৃত্বাধীন ৰয়েল চেলেঞ্জাৰ্চ বাংগালুৰু

author-image
Asomiya Pratidin
New Update
জয়ৰ লক্ষ্যৰে স্মৃতি মান্ধানাৰ ৰয়েল চেলেঞ্জাৰ্চ বাংগালুৰু

ডিজিটেল ডেস্কঃ ৰোমাঞ্চকৰ হৈ উঠিছে মহিলা আই পি এলৰ মেচসমূহ। মহিলা আই পি এলৰ প্ৰথম সংস্কৰণত ৫টা দলে অংশগ্ৰহণ কৰিছে। প্ৰতিটো দলৰ খেলুৱৈসকলে যুঁজাৰু মানসিকতাৰে অৱৰ্তীৰ্ণ হৈছে খেলপথাৰত।

Advertisment

এই পৰ্যন্ত পইন্ট টেবুলৰ শীৰ্ষস্থান দখল কৰিছে মুম্বাই ইণ্ডিয়ানছে। বৰ্তমানলৈকে দলটোৱে লীগ পৰ্যায়ৰ ৫খন মেচ খেলি আটাইকেইখনতে জয়লাভ কৰিছে। দ্বিতীয় স্থানত আছে দিল্লী কেপিটেলছ।

একেবাৰে পঞ্চম তথা শেষত আছে স্মৃতি মান্ধানা নেতৃত্বাধীন ৰয়েল চেলেঞ্জাৰ্চ বাংগালুৰু। এই পৰ্যন্ত বাংগালুৰু দলটোৱে খেলা ৫ খন মেচৰ এখনতো জয়ৰ মুখ দেখা নাই।

সেয়ে পূৰ্বৰ সকলো ব্যৰ্থতা পাহৰি দলৰ প্ৰতিগৰাকী খেলুৱৈয়ে আত্মবিশ্বাসেৰে খেলপথাৰত নামিব। আজিৰ এই গুৰুত্বপূৰ্ণ খেলখনত বাংগালুৰু মুখামুখি হ'ব ই পি ৱাৰিয়ৰ্জৰ। এতিয়ালৈকে ৱাৰিয়ৰ্জে ৪ খন মেচ খেলি ২খন জয় আৰু সমসংখ্যক মেচত পৰাজয়ৰে পইণ্ট তালিকাৰ তৃতীয় স্থানত আছে। খেলৰ সময় সন্ধিয়া ৭-০০ বজাত।

Also Read: মেট্ৰিক পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত চাৰিদুৱাৰত এজনক আটক

cricket