এমাৰ্জিং কাপত ভাৰত চেম্পিয়নঃ অসম কন্যা উমা চেত্ৰীৰ দৰ্শনীয় প্ৰদৰ্শন...

এমাৰ্জিং কাপত ভাৰত চেম্পিয়নঃ অসম কন্যা উমা চেত্ৰীৰ দৰ্শনীয় প্ৰদৰ্শন...

author-image
Asomiya Pratidin
New Update
এমাৰ্জিং কাপত ভাৰত চেম্পিয়নঃ অসম কন্যা উমা চেত্ৰীৰ দৰ্শনীয় প্ৰদৰ্শন...

এমাৰ্জিং কাপত ভাৰত চেম্পিয়নঃ অসম কন্যা উমা চেত্ৰীৰ দৰ্শনীয় প্ৰদৰ্শন...

ডিজিটেল ডেস্কঃ এছিয়ান ক্ৰিকেট কাউন্সিলৰ দ্বাৰা আয়োজিত মহিলাৰ এমাৰ্জিং কাপ চেম্পিয়নৰ খিতাপ দখল কৰিলে ভাৰতে। হংকঙত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাৰ ফাইনেলত ভাৰতীয় মহিলা এ দলটোৱে বাংলাদেশক ৩১ ৰাণৰ ব্যৱধানত পৰাস্ত কৰি চেম্পিয়নৰ খিতাপ দখল কৰিবলৈ সক্ষম হৈছে।

Advertisment

ফাইনেল মেচখনত ভাৰতীয় দলটোৱে প্ৰথমে বেটিং কৰি ২০ অভাৰত ৭ উইকেটৰ বিনিময়ত ১২৭ ৰাণ সংগ্ৰহ কৰে। ভাৰতৰ হৈ প্ৰথমে অধিনায়ক শ্বেতা ছেৰাৱতে ১৩ আৰু অসম কন্যা উমা চেত্ৰীৰ বেটৰ পৰা আহে গুৰুত্বপূৰ্ণ ২০ ৰাণ।

ইয়াৰ পাছত দীনেশ বৃন্দা আৰু কণিকা আহুজাই দৰ্শনীয় ইনিংছ উপহাৰ দিয়ে। দীনেশ বৃন্দাই ৫ টা চাৰি আৰু এটা ছয়ৰ সহায়ত ২৯ টা বলত ৩৬ ৰাণ সংগ্ৰহ কৰে। কণিকাই ২৩ টা বলত ৩০ ৰাণ কৰে।

তেওঁৰ বেটৰ পৰা আহে চাৰিটা বাউণ্ডেৰী। ইয়াৰ প্ৰত্যুত্তৰত ক্ৰমাগত ভাৱে বেটিং বিপৰ্যয়ৰ সন্মুখীন হোৱা বাংলাদেশৰ দলটোৱে ১৯.২ অভাৰত মাত্ৰ ৯৬ ৰাণতে আটাইকেইটা উইকেট হেৰুৱায়।

ভাৰতৰ হৈ শ্ৰেয়াংকা পাটিলে ৪ অভাৰ বল কৰি মাত্ৰ ১৩ ৰাণ ব্যয় কৰি ৪ টা উইকেট দখল কৰে।আনহাতে মন্নত কাশ্যপেও ২০ ৰাণত ৩ টা উইকেট দখল কৰে।  প্ৰতিযোগিতাখনত সৰ্বাধিক উইকেট দখলকৰা খেলুৱৈ হিচাপেও শ্ৰেয়াংকা বিবেচিত হয়। তেওঁ মুঠ ৯ টা উইকেট দখল কৰিছে।

Also Read: নিৰ্মাণৰ অৱস্থাতে খহিল উৰণীয়া সেতুঃ ৯ জন শ্ৰমিকৰ অৱস্থা সংকটজনক...

ক্ৰিকেট এছিয়ান ক্ৰিকেট কাউন্সিল