উভতনি যাত্ৰা সম্ভৱ হ'ব নে ৰিয়ান পৰাগৰ ?

উভতনি যাত্ৰা সম্ভৱ হ'ব নে ৰিয়ান পৰাগৰ ?

ডিজিটেল ডেস্ক : আই পি এলৰ চলিত সংস্কৰণত একেৰাহে তিনিখন মেচত জয়ী হৈ পৰৱৰ্তী দুখন মেচত পৰাস্ত হোৱা ৰাজস্থান ৰয়েলছ বৰ্তমান পইন্ট তালিকাত তৃতীয় স্থানত । বিগত দুখন মেচত পৰাজয়ৰ বাবে দলটো শীৰ্ষস্থানৰ পৰা অৱনমিত হয় আৰু সেই স্থান দখল কৰে চেন্নাই চুপাৰ কিংছে ।

অৱশ্যে এতিয়াও আশা শেষ হোৱা নাই ৰাজস্থানৰ । আজি গৃহ চহৰত খেলিব অষ্টমখন মেচ । সন্মুখত শীৰ্ষস্থানত থকা চেন্নাই চুপাৰ কিংছ । প্লে অফত প্ৰৱেশ কৰিবলৈ দলসমূহৰ বাবে প্ৰতিখন মেচেই এতিয়া গুৰুত্বপূৰ্ণ ।

আনহাতে, ৰাজস্থানৰ এতিয়া মূল সমস্যা বেটিঙত কিয়নো প্ৰায় সকলো খেলুৱৈয়ে যেন জ'ছ বাটলাৰৰ ওপৰত নিৰ্ভৰশীল । দুৰ্বল মিডল অৰ্ডাৰ । ফৰ্মত থকা হেটমেয়াৰক নিম্ন স্থানত বেটিং কৰিবলৈ দিয়া সিদ্ধান্তই সহায় কৰা নাই দলক ।

ইয়াৰ ওপৰিও দুৰ্বল ফৰ্মত থকা ৰিয়ান পৰাগৰো উভতি অহাৰ সম্ভাৱনা কম । ৰিয়ানৰ স্থানত অহা ধ্ৰুৱ জুৰেলে নিৰ্ভৰযোগ্য খেল প্ৰদৰ্শন কৰিছে । ধাৰাবাহিক ব্যৰ্থতাই হতাশ কৰি থোৱা ৰিয়ান পৰাগ অৱশ্যে সম্পূৰ্ণৰূপে ব্যৰ্থ নহয় । দলৰ জয়ত ৰিয়ানৰো বৰঙণি আছে ।

কিন্তু এই কথা ৰিয়ানেও বুজি উঠা উচিত যে সুযোগৰ সদব্যৱহাৰ কৰাৰ প্ৰয়োজন আহি পৰিছে আই পি এলত তিষ্ঠি থাকিবলৈ । ৰিয়ানৰ বেটত ৰান নাহিলে পৰৱৰ্তী আই পি এলত হয়তো দলে কোনো কঠোৰ সিদ্ধান্ত ল'ব লগীয়া হ'ব পাৰে খেলুৱৈগৰাকীৰ বাবে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in