ফুটবল জগতৰ অন্যতম বৃহৎ পৰিৱৰ্তন প্ৰত্যক্ষ কৰাৰ দিশে বিশ্ব...

ফুটবল জগতৰ অন্যতম বৃহৎ পৰিৱৰ্তন প্ৰত্যক্ষ কৰাৰ দিশে বিশ্ব...

ডিজিটেল ডেস্ক : বাৰ্ছিলোনালৈ উভতি আহিব নেকি মেছি ? মানচেষ্টাৰ ইউনাইটেড পৰিত্যাগ কৰিব নেকি কেপ্টেইন হেৰী মেগুৱাইৰে ?

২০২২-২৩ বৰ্ষৰ ছীজনৰ পিছত প্ৰায় প্ৰতিটো দলেই এটি পৰিৱৰ্তন অনাৰ চেষ্টা কৰিছে খেলুৱৈসকলৰ মাজত । মানচেষ্টাৰ চিটিৰ শক্তিশালী উত্থানৰ পিছত এই কথা স্পষ্ট হৈ পৰিছিল আন প্ৰতিটো ক্লাবৰ বাবে যে, বৰ্তমানৰ প্ৰতিযোগিতাত এটা সৰু ভুলেও ক্লাব এটিৰ ট্ৰফী জয়ৰ সপোন চুৰমাৰ কৰি দিব পাৰে মূহুৰ্ততে । কেৱল সেয়াই নহয় বৰং দলটোৰ প্ৰতিটো বিভাগেই সমানেই শক্তিশালী হৈ উঠিব লাগিব আগন্তুক ছীজনৰ বাবে ।

তেনেস্থলত বৰ্তমানৰ খেলুৱৈসকলৰ লৈ যেন সুখী নহয় কোনোটো ক্লাবেই । অৱশ্যে দুটাকৈ ট্ৰফী জিকি, তৃতীয়টোৰ দিশে আগুৱাই যোৱা মানচেষ্টাৰ চিটিৰ কথা সুকীয়া । একেটা ছীজনতে প্ৰিমিয়াৰ লীগ, এফ এ কাপৰ পিছত এইবাৰ লক্ষ্য চেম্পিয়নছ লীগ । সন্মুখত মাথোন সহজ প্ৰতিপক্ষ ইন্টাৰ মিলান । অৱশ্যে ফাইনেলত কোনো অঘটন ঘটাৰো সম্ভাৱনা একেবাৰে কম নহয় ।

কিন্তু এই সকলোৰে মাজত খবৰ আহিছে যে পি এছ জি ত্যাগ কৰিব লিয়নেল মেছিয়ে । বিশ্ব চেম্পিয়ন মেছিৰ প্ৰদৰ্শনক লৈ সন্তুষ্ট নহয় পি এছ জি কৰ্তৃপক্ষ । তেনেস্থলত ক্লাব পৰিত্যাগ কৰাটো নিশ্চিত মেছিৰ বাবে । কিন্তু সন্মুখত আছে তিনিটাকৈ পথ । আমেৰিকাৰ ক্লাব ইন্টাৰ মিয়ামি, চৌদি আৰৱৰ ক্লাব আল হিলাল নে পূৰ্বৰ ক্লাব বাৰ্ছিলোনা ?

ইন্টাৰ মিয়ামি আৰু আল হিলালত এক বুজন পৰিমাণৰ ধন লাভ কৰিব খেলুৱৈগৰাকীয়ে । কিন্তু বাৰ্ছিলোনালৈ উভতি আহিবলৈ হ'লে দৰমহাৰ এক গৰিষ্ঠ সংখ্যক ধন কৰ্তন কৰাব লাগিব খেলুৱৈগৰাকীয়ে । বাৰ্চিলোনালৈ উভতি আহিলে আগন্তুক এক-দুই বৰ্ষৰ ভিতৰতেই ক্লাবটোৰ ইতিহাসৰ অন্যতম শ্ৰেষ্ঠ খেলুৱৈৰূপে অৱসৰ গ্ৰহণ কৰিবলৈ সক্ষম হ'ব মেছি । ফুটবল জগতৰ যাদুকৰ গৰাকীয়ে পূৰ্বৰ ক্লাবলৈ উভতি আহে নে নাহে সেইয়া স্পষ্ট হৈ পৰিব অতি শীঘ্ৰে ।

একেদৰেই কথ‍া চলিছে, বিগত বৰ্ষৰ বেলন ডি অ'ৰ বিজয়ী বেঞ্জেমাৰ । ইতিমধ্যে ৰিয়েল মাদ্ৰিদৰ অন্যতম সফল খেলুৱৈগৰাকীয়ে ক্লাব ত্যাগ কৰাটো নিশ্চিত হৈ পৰাৰ পিছত খেলুৱৈগৰকাীয়েও চৌদি আৰৱৰ এটি ক্লাবত যোগদান কৰাৰ সম্ভাৱনা অধিক হৈ পৰিছে ।

একেদৰেই চলিত বৰ্ষৰ বুণ্ডেছলীগাৰ শ্ৰেষ্ঠ খেলুৱৈ ১৯ বছৰীয়া বেলিংহাম আহিব ৰিয়েল মাদ্ৰিদলৈ । ১৯ বছৰ বয়সতেই সমগ্ৰ বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হোৱা খেলুৱৈগৰাকী বৰ্তমান জাৰ্মানীৰ দ্বিতীয় শ্ৰেষ্ঠ ক্লাব ডৰ্টমাণ্ডৰ নিৰ্ভৰযোগ্য মিডফিল্ডাৰ । আগন্তুক বৰ্ষৰ চেম্পিয়নছ লীগ জিকিবলৈ হ'লে বেলিংহামৰ দৰে খেলুৱৈৰ প্ৰয়োজন হ'ব ৰিয়েলক ।

ট্ৰেন্সাফৰৰ ক্ষেত্ৰত কিছু দোমোজাত দেখা গৈছে মানচেষ্টাৰ ইউনাইটেডক । ইংলেণ্ডৰ নিৰ্ভৰযোগ্য ডিফেণ্ডাৰ হেৰী মেগুৱাইৰৰ ক্লাব কেৰিয়াৰ খুব সুখৰ নহয় মানচেষ্টাৰত । এটাৰ পাছত আনটো ভুলেৰে আত্মবিশ্বাস ভাঙি গৈছে খেলুৱৈগৰাকীৰ । বহু সময়ত মানচষ্টাৰৰ পৰাজয়ৰ কাৰণ হৈ পৰিছে কেপ্টেইন হেৰী মেগুৱাইৰ । তেনেস্থলত মানচেষ্টাৰে খেলুৱৈগৰাকীক আগন্তুক ট্ৰেন্সফাৰ ছীজনত দলটোৰ পৰা বিদায় দিয়াৰ সম্ভাৱনাও বৃদ্ধি পাইছে ।

এই সকলোৰে মাজতেই আন্তৰ্জাতিক ফুটবলক বিদায় জনালে ইব্ৰাহিম'ভিকে । ৪১ বছৰীয়া খেলুৱৈগৰাকীয়ে বিগত এটা দশক ধৰি ফুটবল বিশ্বত এক নিজা আসন প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হোৱাৰ ওপৰিও খেলো আছিল দৃষ্টিনন্দন । অন ফিল্ড, অফ ফিল্ড দুয়োটাতেই সমানেই আক্ৰমনাত্মক মানসিকতাৰ খেলুৱৈগৰাকীয়ে এ চি মিলানৰ পৰা অৱসৰ গ্ৰহণৰ ঘোষণাত দুখিত ফুটবলপ্ৰেমীসকল । 

মুঠতে, ২০২৩-২৪ বৰ্ষৰ ছীজনৰ সৈতেই সমাপ্তি ঘটিব বহু কেইজন শ্ৰেষ্ঠ খেলুৱৈৰ ফুটবল কেৰিয়াৰ । ফুটবল বিশ্বৰ এক বৃহৎ পৰিৱৰ্তনৰ দিশে আগুৱাই গৈ আছে সকলো...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in