ভাৰোত্তোলনত তিতাবৰৰ অংশুৰাজ দত্ত-জোনালী বড়ো গগৈৰ দুটাকৈ সোণৰ পদক অৰ্জন

ভাৰোত্তোলনত তিতাবৰৰ অংশুৰাজ দত্ত-জোনালী বড়ো গগৈৰ দুটাকৈ সোণৰ পদক অৰ্জন

ডিজিটেল সংবাদ, বেকাজান : তেজপুৰত অনুষ্ঠিত হোৱা সদৌ অসম ভাৰোত্তোলন প্ৰতিযোগিতাত দুটাকৈ সোণৰ পদকৰে তিতাবৰলৈ গৌৰৱ কঢ়িয়াই আনিলে অংশুৰাজ দত্ত আৰু জোনালী বড়ো গগৈয়ে ।

যোৰহাট জিলাৰ হৈ ভাৰোত্তোলন ৫৩ কেজিৰ শাখাত প্ৰতিদ্বন্দিতা আগবঢ়াই অংশুৰাজ দত্তই জুনিয়ৰ শাখাত সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হয় । আনহাতে জোনালী বড়ো গগৈয়ে চিনিয়ৰ ৬৩ কেজিৰ শাখাত স্বৰ্ণ পদক লাভ কৰিবলৈ সক্ষম হয় ।

৫০ সংখ্যক সদৌ অসম ভাৰোত্তোলন প্ৰতিযোগিতাত পদক অৰ্জন কৰা পিছতে দুয়ো গৰাকী খেলুৱৈ ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ ভাৰোত্তোলনৰ বাবে নিৰ্বাচিত হৈছে বুলি জানিব দিয়ে । খেলুৱৈ দুগৰাকী এই সফলতা প্ৰশিক্ষণ কেন্দ্ৰত প্ৰশিক্ষক মানসজ্যোতি শইকীয়াৰ লগতে তিতাবৰৰ বিশিষ্ট ব্যৱসায়ী অৰূপ দত্ত, অমৰজিত সিং ৰাজপুত, নিকু শৰ্মা আৰু স্বয়ম মোডীয়ে উষ্ম আদৰণিৰে সম্বৰ্ধনা জনায় ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in