সুনীল ছেত্ৰীৰ অৱসৰৰ ঘোষণাত আৱেগিক বিৰাট...

সুনীলৰ ইনষ্টাগ্ৰামৰ পোষ্টত কৰিলে কমেণ্ট
সুনীল ছেত্ৰীৰ অৱসৰৰ ঘোষণাত আৱেগিক বিৰাট...
সুনীল ছেত্ৰীৰ অৱসৰৰ ঘোষণাত আৱেগিক বিৰাট...

ডিজিটেল ডেস্কঃ ভাৰতীয় ক্ৰীড়া ক্ষেত্ৰৰ দুই নক্ষত্ৰ। দুয়োৰে মাজৰ ব্যক্তিগত সম্পৰ্কও খবু ভাল। এজনে আনজনক খুব ভাল বন্ধু বুলিয়েই পৰিচয় দিয়ে। এজন ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক তথা ক্ৰিকেট তাৰকা বিৰাট কোহলি আনজন ভাৰতীয় ফুটবল দলৰ নক্ষত্ৰ সুনীল ছেত্ৰী।

আজি সুনীল ছেত্ৰীয়ে আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা অৱসৰৰ কথা ঘোষণা কৰিলে। ইয়াৰ পিছতে দেশৰ কোটি কোটি ক্ৰীড়া অনুৰাগীয়ে সামাজিক মাধ্যমৰ জৰিয়তে সুনীল ছেত্ৰীক তেওঁৰ ভাৰতীয় ফুটবললৈ যি অৱদান সেই অৱদানক সোঁৱৰি ধন্যবাদ জ্ঞাপন কৰিছে। ব্যতিক্ৰম নহয় বিৰাট কোহলিও। প্ৰিয় বন্ধুৰ অৱসৰৰ ঘোষণাত আৱেগিক বিৰাট।

যোৱা এটা দশকত ভাৰতৰ ক্ৰীড়া ক্ষেত্ৰত সৰ্বাধিক চৰ্চিত দুটা নাম বিৰাট আৰু সুনীল। এই দুই ক্ৰিকেটাৰে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ভাৰতৰ ক্ৰীড়াক সুন্দৰকৈ প্ৰতিনিধিত্ব কৰিছে। দুয়োজনে নিজৰ নিজৰ খেলৰ জৰিয়তে আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত নিজকে প্ৰতিষ্ঠা কৰাই নহয় ভাৰতীয় ক্ৰিকেট আৰু ফুটবলৰ এক নিজস্ব পৰিচয় বহন কৰিবলৈ সক্ষম হৈছে।

এই দুয়ো খেলুৱৈয়ে অনুৰাগী, সমালোচক সকলোৰে হৃদয় জিনিছে। খেল জগতৰ দুখন ভিন্ন দুনিয়াত বিচৰণ কৰা এই দুই ক্ৰিকেটাৰ ব্যক্তিগতভাৱে অতি ঘনিষ্ঠ। দুয়ো জনেই বেংগালুৰুৰ হৈ ক্ৰিকেট আৰু ফুটবল খেলে। সময় পালে এজনৰ অনুশীলনৰ সময়ত আনজনেও সময় দিছে। দুয়োকে অতি ঘনিষ্ঠভাৱে দেখিছে অনুৰাগীয়ে।

বৃহস্পতিবাৰে সুনীল ছেত্ৰীয়ে আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা অৱসৰ ল’ব বুলি ঘোষণা কৰিছে। অৱশ্যে যোৱা কিছুদিনৰ পৰা তেওঁৰ অৱসৰৰ বিষয়টো চৰ্চাত আছিল। সুনীল ছেত্ৰীয়ে জনাইছে ৬ জুনত কলকাতাত কুৱেইটৰ বিৰুদ্ধে খেলিবলগীয়া মেচখনেই হ’ব ভাৰতীয় দলৰ হৈ খেলা তেওঁৰ অন্তিম মেচ। এই মেচতেই তেওঁ নীলা জাৰ্ছিক বিদায় জনাব।

ইনষ্টাগ্ৰামৰ জৰিয়তে এই বাৰ্তা সুনীলে দিয়াৰ পিছতে দেশৰ ফুটবলকে ধৰি সামগ্ৰীকভাৱে ক্ৰীড়া অনুৰাগীসকল আৱেগিক হৈ পৰিছে। সকলোৱে তেওঁক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছে।

সুনীল ছেত্ৰীৰ জৰিয়তেই ভাৰতীয় ফুটবলে এক নতুন পৰিচয় লাভ কৰিছে। ভাৰতীয় ফুটবললৈ সুনীল ছেত্ৰীৰ অৱদান অকল্পনীয়। সুনীলৰ এই পোষ্টৰ পাছতেই বিৰাট কোহলিয়েও তাত কৰিলে কমেণ্ট। লিখিলে- My Brother❤️. PROUD.

বিৰাটৰ দৰেই আই পি এলৰ চেন্নাই চুপাৰ কিংছ, মুম্বাই ইণ্ডিয়ানছ, দিল্লী কেপিটেলছ, পঞ্জাৱ কিংছ আদিয়েও ভাৰতীয় ফুটবলৰ প্ৰতি আগবঢ়োৱা অৱদানৰ বাবে তেওঁক কৃতজ্ঞতা জনাই ধন্যবাদ জ্ঞাপন কৰিছে। ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে টুইটাৰত সুনীল ছেত্ৰীক উদ্দেশ্যি কৰিছে বিশেষ পোষ্ট।

সুনীল ছেত্ৰীৰ অৱসৰৰ ঘোষণাত আৱেগিক বিৰাট...
আন্তৰ্জাতিক ফুটবলক বিদায় দিলে তাৰকা ফুটবলাৰ সুনীল ছেত্ৰীয়ে

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in