বিৰাট কোহলিয়ে শ্বেয়াৰ কৰিলে মাৰ্কশ্বিটঃ নম্বৰ দেখি আচৰিত হ'ব আপুনি...

বিৰাট কোহলিয়ে শ্বেয়াৰ কৰিলে মাৰ্কশ্বিটঃ নম্বৰ দেখি আচৰিত হ'ব আপুনি...

author-image
Asomiya Pratidin
New Update
বিৰাট কোহলিয়ে শ্বেয়াৰ কৰিলে মাৰ্কশ্বিটঃ নম্বৰ দেখি আচৰিত হ'ব আপুনি...

বিৰাট কোহলিয়ে শ্বেয়াৰ কৰিলে মাৰ্কশ্বিটঃ নম্বৰ দেখি আচৰিত হ'ব আপুনি...

ডিজিটেল ডেস্কঃ ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক তথা তাৰকা ক্ৰিকেটাৰ বিৰাট কোহলিয়ে সামাজিক মাধ্যমৰ জৰিয়তে শ্বেয়াৰ কৰিলে তেওঁৰ দশম শ্ৰেণীৰ  মাৰ্কশ্বিট। ৩০ মাৰ্চ, বৃহস্পতিবাৰে বিৰাট কোহলিয়ে তেওঁৰ মাৰ্কশ্বিট শ্বেয়াৰ কৰাৰ পিছতে সামাজিক মাধ্যমত বিষয়টো চৰ্চাৰ শীৰ্ষত উপনীত হৈছে।

Advertisment

ইয়াৰ পাছতে বহুতে বিৰাটক এজন মধ্যমীয়া ছাত্ৰ বুলি কোৱাৰ বিপৰীতে আন একাংশই তেওঁক মেধাসম্পন্ন ছাত্ৰ হিচাপেও অভিহিত কৰিছে। মাৰ্কশ্বিটখনত ইংৰাজী, গণিত, বিজ্ঞান, হিন্দী, সমাজ বিজ্ঞান আৰু অন্যান্য বিষয়ত বিৰাটে কিমান নম্বৰ পাইছিল সেই সকলোবোৰ উল্লেখ আছে।

মাৰ্কশ্বিটখনত উল্লেখ থকা অনুসৰি বিৰাটে ইংৰাজী ৮৩ হিন্দীত ৭৫, গণিতত ৫১, বিজ্ঞানত ৫৫, সমাজ বিজ্ঞানত৮১ আৰু ইণ্ট্ৰ’ডাকটৰীত ৭৪ নম্বৰ লাভ কৰিছে। সেই অনুসৰি তেওঁক বহুতেই গণিত আৰু বিজ্ঞানত বৰ বেছি ভাল নাছিল বুলিও ক’বলৈ বিচাৰিছে। উল্লেখ্য, তাৰকা ক্ৰিকেটাৰগৰাকীয়ে ২০০৪ চনত দশম শ্ৰেণী উত্তীৰ্ণ হৈছিল।

বিৰাটে শ্বেয়াৰ কৰা মাৰ্কশ্বিটখন  User
বিৰাটে শ্বেয়াৰ কৰা মাৰ্কশ্বিটখন User

Also Read: ঘৰৰ মাটিত বিশ্বচেম্পিয়ন লাভলীনাঃ মুখ্যমন্ত্ৰী, বক্সিং সন্থাৰ সম্বৰ্ধনা...

বিৰাট কোহলি