/asomiyapratidin/media/media_files/2025/01/31/VdpMJH0RK6KPZVyssyqT.jpg)
ডিজিটেল ডেস্কঃ দিন বেয়া চলিছে বিৰাট কোহলিৰ। বৃন্দাবনৰ বাবা নিম কাৰোলিৰ আশ্ৰমলৈ গৈ তেওঁৰ শৰনাপন্ন হোৱাৰ পাছতো ৰক্ষা পোৱা নাই কিং কোহলিয়ে। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত দেখুওৱা বিফলতাৰ ধাৰা অব্যাহত আছে ঘৰুৱা ক্ৰিকেটতো।
ব’ৰ্ডাৰ গাভাস্কাৰ ট্ৰফীত ভাৰতৰ বিপৰ্যয়ৰ পাছতে বি চি চি আইয়ে সকলো ক্ৰিকেটাৰৰ বাবে ঘৰুৱা ক্ৰিকেট খেলাতো বাধ্যতামূলক কৰিছিল। সেই মতেই ভাৰতীয় ক্ৰিকেট দলৰ তাৰকা ক্ৰিকেটাৰসকলে ৰঞ্জী ট্ৰফীত নিজ নিজ গৃহ ৰাজ্যৰ হৈ অংশগ্ৰহণ কৰিছে।
এই পৰ্যন্ত ৰঞ্জী ক্ৰিকেটত ভাৰতীয় ক্ৰিকেট দলটোৰ তাৰকা ক্ৰিকেটাৰসকলৰ ভিতৰত একমাত্ৰ ৰবীন্দ্ৰ জাডেজাৰ বাহিৰে বাকী সকলো ব্যৰ্থ হৈছে। যিদৰে ভাৰতীয় ক্ৰিকেট দলটোৰ অধিনায়ক ৰোহিত শৰ্মাই মুম্বাইৰ হৈ ৰঞ্জী খেলিছে ঠিক সেইদৰে বিৰাট কোহলিয়েও সুদীৰ্ঘ এটা দশকৰো অধিক সময়ৰ পাছত দিল্লীৰ হৈ ঘৰুৱা ক্ৰিকেটলৈ ঘূৰি আহিছে।
বিৰাট কোহলিয়ে ঘৰুৱা ক্ৰিকেটলৈ প্ৰত্যাৱৰ্তন কৰাৰ পাছতে তেওঁক লৈ অনুৰাগীৰ মাজত সৃষ্টি হৈছিল উৎকণ্ঠা। হাজাৰ হাজাৰ দৰ্শকে ভিৰ কৰিছিলহি অৰুণ জেটলি ষ্টেডিয়াম। কিন্তু এই হাজাৰ হাজাৰ দৰ্শকক আকৌ হতাশ কৰিলে কিং কোহলিয়ে। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ দৰেই ঘৰুৱা ক্ৰিকেটতো চূড়ান্ত ৰূপত ব্যৰ্থ হ’ল কোহলি।
১২ বছৰৰ পাছত ৰঞ্জী খেলিবলৈ অহা ষ্টাৰ বেটছমেনগৰাকীয়ে মাত্ৰ ৬ ৰাণতে ইনিংছ সামৰি পেভিলিয়নৈ উভতিল। তেওঁ খেলিলে মাত্ৰ ১৫ টা বল। বৃহস্পতিবাৰৰ পৰাই দিল্লীৰ ক্ৰিকেট অনুৰাগী বিৰাট কোহলিৰ জ্বৰত আক্ৰান্ত হৈছিল। তেওঁক এবাৰ ওচৰৰ পৰা চাবলৈ ষ্টেডিয়ামত ভিৰ কৰিছিল অনুৰাগীয়ে।
এনে উৎকণ্ঠিত দৰ্শকক নিয়ন্ত্ৰণ কৰিবলৈ আননি অৰ্ধসামৰিক বাহিনীও মোতায়েন কৰিবলগীয়া হৈছিল। বৃহস্পতিবাৰে প্ৰথম দিনটোত বিৰাটে বেটিং কৰিব নোৱাৰিলেও শুকুৰবাৰে আগবেলাই তেওঁ বেট ধৰাৰ সুযোগ লাভ কৰে। বৃহস্পতিবাৰৰ দৰেই শুকুৰবাৰেও হাজাৰ হাজাৰ দৰ্শকে ভিৰ কৰে ষ্টেডিয়াম।
দ্বিতীয় দিনা মেচ আৰম্ভ হোৱাৰ পাছতে দিল্লীৰ বেটছমেন যশ ধুল আউট হোৱাৰ পাছতে উল্লাসিত হৈ পৰে দিল্লীৰ অনুৰাগীসকল। তেওঁৰ পিছতে বেট ধৰিবলৈ আহে বিৰাট কোহলি। দৰ্শকৰ আশা আছিল কোহলিৰ বেটিং শৈলী কাষৰ পৰা চাব। ঘৰুৱা ক্ৰিকেটত তেওঁ ৰাজকীয় ইনিংছ খেলিব।
কিন্তু দৰ্শকৰ এই আশা পূৰণ নকৰিলে কোহলিয়ে। মাত্ৰ ১৫ টা বল খেলিয়েই অহাৰ দৰেই পেভিলিয়নলৈ উভতি গ’ল কোহলি। বাতৰি লিখাৰ সময়লৈকে দিল্লীয়ে ৪৮ অভাৰ ১টা বলত ৪ উইকেট হেৰুৱাই ১৯৮ ৰাণ কৰি আছে। ইয়াৰ পূৰ্বে ৰে’লৱেয়ে বেটিং কৰি ২৪১ ৰাণ কৰি ইনিংছ সামৰিছিল।