টি-২০ত প্ৰথমগৰাকী ভাৰতীয় হিচাপে বিৰাট কোহলিৰ ১২ হাজাৰ ৰাণ সম্পূৰ্ণ...

এই অভিলেখ অৰ্জন কৰা বিশ্বৰ ষষ্ঠগৰাকী ক্ৰিকেটাৰ কোহলি
টি-২০ত প্ৰথমগৰাকী ভাৰতীয় হিচাপে বিৰাট কোহলিৰ ১২ হাজাৰ ৰাণ সম্পূৰ্ণ...
টি-২০ত প্ৰথমগৰাকী ভাৰতীয় হিচাপে বিৰাট কোহলিৰ ১২ হাজাৰ ৰাণ সম্পূৰ্ণ...

ডিজিটেল ডেস্কঃ আই পি এল-২০২৪ আৰম্ভণিতে এক অনন্য অভিলেখৰ অধিকাৰী হ'ল আৰ চি বিৰ পোষ্টাৰ বয় বিৰাট কোহলি। চেন্নাই চুপাৰ কিংছৰ বিৰুদ্ধে খেলা প্ৰথমখন মেচতে বিৰাটে টি-২০ত ১২০০০ ৰাণ সম্পূৰ্ণ কৰিলে। ক্ৰিছ গেইলৰ পাছতে তেওঁ দ্ৰুত ১২০০০ ৰাণ সম্পূৰ্ণ কৰা ক্ৰিকেটাৰ হিচাপেও পৰিগণিত হৈছে। ইফালে টি-২০ত ১২০০০ ৰাণ সম্পূৰ্ণ কৰা তেওঁ প্ৰথমগৰাকী ভাৰতীয় ক্ৰিকেটাৰ হোৱাৰ খ্যাতি অৰ্জন কৰিলে।

শুকুৰবাৰৰ পৰা এম এ চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত হৈছে আই পি এল-২০২৪ৰ উদ্বোধনী মেচ। প্ৰথমখন মেচত আৰ চি বিয়ে টছত জয় লাভ কৰি প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

সেই অনুসৰি বিৰাট কোহলি আৰু অধিনায়ক ফাফ ডু প্লেছিচে অপেনিং কৰিবলৈ আহি সুন্দৰ আৰম্ভণি দিয়ে। আৰম্ভণিৰে পৰা আক্ৰমণাত্মক হৈ পৰা ফাফ ডু প্লেছিচে ২৩ বলত ৩৫ ৰাণ কৰে। তেওঁৰ বেটৰ পৰা আহে ৮ টা বাউণ্ডেৰী।

সেইদৰে বিৰাট কোহলিয়ে ২০ টা বলত এটা অভাৰ বাউণ্ডেৰীৰ সৈতে ২১ ৰাণ সংগ্ৰহ কৰে। ইয়াৰ লগে লগে তেওঁ টি-২০ত ১২ হাজাৰ ৰাণৰ সীমা অতিক্ৰম কৰে।আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ইয়াৰ পূৰ্বে ক্ৰিছ গেইল, শ্বৈইব মালিক, কিৰণ পোলাৰ্ড, এলেক্স হেলছ আৰু ডেভিড ৱাৰ্নাৰ এই অভিলেখ 'মাইলষ্টন'ত উপনীত হৈছিল।

উল্লেখ্য, বিৰাটৰ এই ১২ হাজাৰ ৰাণত আছে আই পি এলৰ ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ হৈ অৰ্জন কৰা ৰাণৰ উপৰিও ভাৰতীয় ক্ৰিকেট দলৰ হৈ অৰ্জন কৰা টি-২০ ৰ ৰাণ আৰু ঘৰুৱা টি-২০ ক্ৰিকেটত দিল্লীৰ হৈ অৰ্জন কৰা ৰাণ।

বিৰাটৰ পিছতে ভাৰতৰ আন এগৰাকী ক্ৰিকেটাৰ ৰোহিত শৰ্মায়ো এই 'মাইলষ্টন' অতিক্ৰম কৰাৰ শাৰীত আছে। ৰোহিতে এই পৰ্যন্ত টি-২০ত অৰ্জন কৰিছে ১১ হাজাৰ ১৫৬ ৰাণ। টি-২০ ত সৰ্বাধিক ৰাণ কৰা ভাৰতীয়ৰ তালিকাত বিৰাট, ৰোহিতৰ পাছতে আছে শিখৰ ধাৱান। ধাৱানে এই পৰ্যন্ত অৰ্জন কৰিছে ৯৬৪৫ ৰাণ।

টি-২০ত প্ৰথমগৰাকী ভাৰতীয় হিচাপে বিৰাট কোহলিৰ ১২ হাজাৰ ৰাণ সম্পূৰ্ণ...
নগাঁও কলেজ (অট’নমাচ)ত পৰম্পৰাগত জ্ঞান বিষয়ক আন্তঃৰাষ্ট্ৰীয় সন্মিলন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in