পত্নী অনুষ্কাৰ বন্দুকৰ গুলী লাগিলগৈ বিৰাট কোহলীৰ বুকুত, চাওক VIDEO…

পত্নী অনুষ্কাৰ বন্দুকৰ গুলী লাগিলগৈ বিৰাট কোহলীৰ বুকুত, চাওক VIDEO…

author-image
asomiyapratidin
New Update
পত্নী অনুষ্কাৰ বন্দুকৰ গুলী লাগিলগৈ বিৰাট কোহলীৰ বুকুত, চাওক VIDEO…

ডিজিটেল ডেস্কঃ চলিত আই পি এলত প্ৰথমৰ কেইবাখনো পৰাজিত হোৱাৰ পাছত ৰয়েল চেলেঞ্জাৰ বেংগালুুৰুয়ে শেহতীয়াকৈ ৩ খন খেলত একেৰাহে বিজয় সাব্যস্ত কৰিছে। প্ৰথমৰ খেইকেইখনত পৰাজিত হোৱাৰ পাছতে দলটোৰ অধিনায়ক বিৰাট কোহলীক লৈ হৈছিল যথেষ্ট সমালোচনা। কিন্তু শেহতীয়াকৈ ওৰ পৰিছে এই সমালোচনাৰ ধাৰা।

আই পি এল সমাপ্ত হোৱাৰ কিছুদিনৰ পাছতে আৰম্ভ হ'ব ২০১৯ ক্ৰিকেট বিশ্বকাপ। ইতিমধ্যে ঘোষণা হোৱা ভাৰতীয় দলৰ প্ৰতিজন সদস্য আই পি এলৰ ব্যস্ত হৈ পৰিব কঠোৰ অনুশীলনত। সেয়েহে দেশত থকা এই দিনকেইটাত খেলৰ সমান্তৰালভাৱে বিৰাটে সময় দিছে পত্নী অনুষ্কাক।

বৰ্তমান বিৰাট-অনুষ্কাই সময় পাৰ কৰিছে বেংগালুৰুত। কেইটামান দিনৰ পূৰ্বে বিৰাট-অনুষ্কাক দেখা গ'ল এটা খেল ঘৰত। খেলঘৰটোত বহু সময় কটোৱা বিৰাট-অনুষ্কাৰ এটা ভিডিঅ' ছচিয়েল মিডিয়াত খুবেই ভাইৰেল হৈছে। ভিডিঅ'টোত অনুষ্কাই 'ভিডিঅ' গে'ম'ৰ বন্দুকেৰে গুলীয়াইছে বিৰাটক। অনুষ্কাৰ ধেমালিক সংগ দি বিৰাটেও বন্দুকৰ গুলী বুকুত লগা অভিনয় কৰিছে। ছচিয়েল মিডিয়াত এতিয়া ভাইৰেল হৈ পৰা ভিডিঅ'টো-

https://www.instagram.com/p/BwoWIuBnNXe/?utm_source=ig_web_copy_link