/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/01a718bd-e340-49c7-b6e3-acd0bcf246e4/PAKISTAN_7.jpg)
USA ৰ হাতত পৰাজিত পাকিস্তানঃ সৰ্বত্ৰে হাঁহিয়াতৰ পাত্ৰ বাবৰ বাহিনী...
ডিজিটেল ডেস্কঃ টি-২০ বিশ্বকাপৰ গ্ৰুপ পৰ্যয়াৰ মেচত ইউ এছ এৰ হাতত পাকিস্তানৰ পৰাজয়ৰ পিছতে বিশ্বজুৰি ক্ৰিকেট অনুৰাগীৰ মাজত এই বিষয়টোৱে সৰ্বাধিক চৰ্চা লাভ কৰিছে। ভাৰতত আজিৰ দিনটোত এক্সত সৰ্বাধিক চৰ্চিত বিষয় হৈ পৰিছে পাকিস্তান বনাম ইউ এছ এৰ মেচ। ট্ৰেণ্ডিঙৰ শীৰ্ষত আছে এই মেচখন।
উল্লেখ্য যে, বৃহস্পতিবাৰে নিশা অনুষ্ঠিত হোৱা মেচখন চুপাৰ অভাৰত ইউ এছ এয়ে বিজয় সাব্যস্ত কৰে। প্ৰথমবাৰৰ বাবে টি-২০ বিশ্বকাপ খেলা ইউ এছ এৰ এই বিজয় পাকিস্তান ক্ৰিকেটৰ বাবে লজ্জাৰ কাৰণ হৈ পৰিছে।
মেচখনত টছত জয়ী হৈ পাকিস্তানে প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লৈ ৭ উইকেটত ১৫৯ ৰাণ সংগ্ৰহ কৰে। ইয়াৰ পিছত আমেৰিকাই নিৰ্ধাৰিত লক্ষ্য আগত লৈ খেল পথাৰত নামি ৩ উইকেট হেৰুৱাই ১৫৯ ৰাণ সংগ্ৰহ কৰে।
ফলত মেচখনৰ ফলাফল নিৰ্ধাৰণ কৰিবলৈ চুপাৰ অভাৰৰ সহায় ল'বলগীয়া হয়। চুপাৰ অভাৰত আমেৰিকাই ১৮ ৰাণ সংগ্ৰহ কৰে। ইয়াৰ বিপৰীতে পাকিস্তানে মাত্ৰ ১৩ ৰাণহে কৰিবলৈ সক্ষম হয়।
ফলত মেচখনত ইউ এছ এ বিজয়ী হয় আৰু গ্ৰুপ 'এ'ত ভাৰতকো অতিক্ৰম কৰি পইণ্ট টেবুলৰ শীৰ্ষত উপনীত হৈছে। চলিত টি-২০ বিশ্বকাপত ইউ এছ এৰ এয়া ক্ৰমাগত দ্বিতীয় বিজয়।
আনহাতে ভাৰতে এখন মেচ খেলি সহজ বিজয়েৰ ২ পইণ্টেৰে তালিকাৰ দ্বিতীয় স্থানত আছে। তাৰ বিপৰীতে পাকিস্তান তালিকাৰ তৃতীয়, কানাডা চতুৰ্থ স্থানত আৰু আয়াৰলেণ্ড পঞ্চম স্থানত আছে।
ইউ এছ এৰ এই বিজয়ত ভাৰতীয় ক্ৰিকেটাৰ শিখৰ ধাৱানে দলটোক শুভেচ্ছা জ্ঞাপন কৰিছে। তেওঁ এক্সত লিখিছে- Well done, USA team, for securing a dramatic win over Pakistan in the Super Over! Celebrate this fantastic achievement.
Well done, USA team, for securing a dramatic win over Pakistan in the Super Over! Celebrate this fantastic achievement!😍 #t20worldcup2024
— Shikhar Dhawan (@SDhawan25) June 7, 2024
আনহাতে পাকিস্তানৰ প্ৰাক্তন ক্ৰিকেটাৰ ৱাছিম আক্ৰামে পাকিস্তানী দলটোৰ এনে বিপৰ্যয়ত মানি ল'ব পৰা নাই। তেওঁ দলটোক তীক্ষ্ণ সমালোচনা কৰিছে। টি-২০ বিশ্বকাপৰ সম্প্ৰচাৰ কৰি থকা ষ্টাৰ স্প'ৰ্টত তেওঁ কয়, জয়-পৰাজয় খেলৰ এক অংশ।কিন্তু তুমি অন্তিম বল লৈকে যুঁজিব লাগিব। এয়া পাকিস্তান ক্ৰিকেটৰ বাবে অতি বেদনাদয়ক। পাকিস্তানে ইয়াৰ পৰা চুপাৰ-৮ লৈ যোগ্যতা অৰ্জন কৰিবলৈ বহু সংগ্ৰাম কৰিব লাগিব। কাৰণ তেওঁলোকে এতিয়া ভাৰতৰ লগত খেলিব লাগিব আৰু ২ টা ভাল দলৰ সৈতেও খেলিব লাগিব।
পাকিস্তানৰ এনে পৰাজয়ৰ পাছতে বহু ভাৰতীয় এক্স ব্যৱহাৰকাৰীয়ে এক্সত ভিন্ন মতামত আগবঢ়াইছে। সামাজিক মাধ্যম ভৰি পৰিছে ৰসাল কথা-বতৰাৰে।
চাওঁক এক্সত ভাইৰেল হোৱা কেইটামান মিমঃ
Kohli's entry was epic 🔥 #PakvsUSA#Indvspakpic.twitter.com/u4pJj3iZtw
— 𝕏 (@ImAryanSoni) June 7, 2024
Hehehe 😹👍#PakvsUSApic.twitter.com/QV5EYLFJYE
— Wellu (@Wellutwt) June 6, 2024
Indians dusre country ki cricket team join karke bhi pakistan ko hara rahe hain. 😂😂#PakvsUSA#T20WorldCuppic.twitter.com/eITKjNp4OC
— Prayag (@theprayagtiwari) June 6, 2024
Mastermind of Pakistan cricket team. #PakvsUSApic.twitter.com/BWm0W8twE0
— Abdul Majid Bhatti (@bhattimajid) June 7, 2024
😂😂😂😂😂😂😂😂😂😂😂#PAKvsUSApic.twitter.com/3iy5hEqUGK
— Krishna (@Atheist_Krishna) June 6, 2024
Pakistan fans outside New York stadium #PakvsUSApic.twitter.com/aJ8Y2diz4g
— Div🦁 (@div_yumm) June 6, 2024
When Americans came to know that they have a Cricket team and it defeated Pakistan in a World Cup match.#PAKvsUSApic.twitter.com/kn5V6bCRJS
— Krishna (@Atheist_Krishna) June 6, 2024
Also Read: আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰৰ অন্তিমখন মেচৰ পূৰ্বে সুনীল চেত্ৰীলৈ শুভেচ্ছা লুকা মদ্ৰিচৰ