তিতাবৰত উজনি অসম মণ্ডল আন্ত:জিলা কাৰাটে প্ৰতিযোগিতা সম্পন্ন

ইউনিফাইড কাৰাটে সন্থা অসমৰ উদ্যোগত আৰু তিতাবৰ জিলা কাৰাটে-ড' সন্থাৰ সহযোগত দুদিনীয়াকৈ অনুষ্ঠিত হয় ত্ৰয়োদশ সংখ্যক উজনি অসম মণ্ডল আন্ত:জিলা কাৰাটে প্ৰতিযোগিতা।

author-image
Asomiya Pratidin
New Update
তিতাবৰত উজনি অসম মণ্ডল আন্ত:জিলা কাৰাটে প্ৰতিযোগিতা সম্পন্ন

ডিজিটেল সংবাদ বেকাজানঃ ইউনিফাইড কাৰাটে সন্থা অসমৰ উদ্যোগত আৰু তিতাবৰ জিলা কাৰাটে-ড' সন্থাৰ সহযোগত ৰাজীৱ গান্ধী ক্ৰীড়া প্ৰকল্পৰ ইণ্ডৰ ষ্টেডিয়ামত দুদিনীয়াকৈ অনুষ্ঠিত হয় ত্ৰয়োদশ সংখ্যক উজনি অসম মণ্ডল আন্ত:জিলা কাৰাটে প্ৰতিযোগিতা।

Advertisment

প্ৰতিযোগিতাখনিত উজনি অসমৰ তিনিচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰ, চৰাইদেউ, যোৰহাট, তিতাবৰ, গোলাঘাটৰ মুঠ ৭ খন জিলাৰ প্ৰায় চাৰি শতাধিক খেলুৱৈয়ে  অংশগ্ৰহণ কৰে। প্ৰতিযোগিতাখনি কাৰাটে ইণ্ডিয়া অগ্ৰেনাইজেছন চমুকৈ কী'অৰ যুটীয়া সম্পাদক তথা ইউনিফাইড কাৰাটে সন্থা, অসমৰ সাধাৰণ সম্পাদক নগেন বংজাঙে মুকলি কৰে।

এই প্ৰতিযোগিতাখনিৰ পৰাই আগন্ত ১৮ সংখ্যক ৰাজ্যিক কাৰাটে প্ৰতিযোগিতাৰ বাবে খৈলুৱৈসকলক নিৰ্বাচিত কৰা হব বুলি জানিবলৈ দিয়ে তিতাবৰ জিলা কাৰাটে-ড' সন্থাৰ সম্পাদক মনজিৎ হাজৰিকাই। এই অনুষ্ঠানতে ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত পদক প্ৰাপ্ত খেলুৱৈসকলকো সম্বৰ্ধনা জনোৱা হয়।

তিতাবৰ কাৰাটে