চেম্পিয়নছ ট্ৰফীৰ মেচ খেলিব নাযায় ভাৰতীয় দল, স্বপ্ন ভংগ পাকিস্তানৰ...

ভাৰতৰ মেচসমূহ অনুষ্ঠিত হ'ব ডুবাইত

author-image
Asomiya Pratidin
New Update
চেম্পিয়নছ ট্ৰফীৰ মেচ খেলিব নাযায় ভাৰতীয় দল, স্বপ্ন ভংগ পাকিস্তানৰ...

চেম্পিয়নছ ট্ৰফীৰ মেচ খেলিব নাযায় ভাৰতীয় দল, স্বপ্ন ভংগ পাকিস্তানৰ...

ডিজিটেল ডেস্কঃ পুনৰ এবাৰ পাকিস্তানৰ স্বপ্ন ভংগ। ভাৰতীয় ক্ৰিকেট দল নাযায় পাকিস্তানলৈ। ফলত এছিয়া কাপৰ দৰেই চেম্পিয়নছ ট্ৰফীও হাইব্ৰিড পদ্ধতিত অনুষ্ঠিত কৰিব লাগিব পাক ক্ৰিকেট ব’ৰ্ডে।

Advertisment

২০২৫ ৰ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব আই চি চিৰ অন্যতম মেগা ইভেণ্ট চেম্পিয়নছ ট্ৰফী। প্ৰতিযোগিতাখন অনুষ্ঠিত কৰাৰ দায়িত্ব লাভৰে পৰা পাকিস্তানে এইবাৰ ভাৰতে পাকিস্তান ভ্ৰমণ কৰি প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিবই লাগিব বুলি দাবী কৰি আহিছিল।

কিন্তু ভাৰত আৰু পাকিস্তানৰ কূটনৈতিক সম্পৰ্কৰ বাবেই দেশখনলৈ ভাৰতীয় দল প্ৰেৰণ নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰি আহিছে বি চি চি আইয়ে। সেয়ে চেম্পিয়নছ ট্ৰফী খেলিবলৈ যে ভাৰতীয় ক্ৰিকেট দল পাকিস্তানলৈ যাত্ৰা নকৰে সেয়া স্পষ্ট হৈ আছিল।

ইতিমধ্যে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰ ব’ৰ্ডে স্পষ্টকৈ জনাইছে যে ভাৰত চৰকাৰৰ যি সিদ্ধান্ত সেই সিদ্ধান্তই হ’ব চূড়ান্ত। এনে পৰিস্থিতিত পাকিস্তান ক্ৰিকেট ব’ৰ্ডেও এতিয়া পুনৰ হাইব্ৰিড পদ্ধতিতে প্ৰতিযোগিতাখন অনুষ্ঠিত কৰিবলৈ সাজু হৈছে।

মন কৰিবলগীয়া যে, বিগত বছৰৰ এছিয়া কাপৰ কেইবাখনো মেচ অনুষ্ঠিত হৈছিল পাকিস্তান। ভাৰতীয় দলৰ মেচসমূহ হৈছিল শ্ৰীলংকাত। পাছত প্ৰতিযোগিতাৰ পৰা পাকিস্তান দলটো বাহিৰ হোৱাত অৱশিষ্ট সকলো মেচেই অনুষ্ঠিত হৈছিল শ্ৰীলংকাত।

সেইদৰেই এইবাৰ চেম্পিয়নছট্ৰফীত ভাৰতে যিসমূহ মেচ খেলিব সেই মেচসমূহ অনুষ্ঠিত হ’ব ডুবাইত। বাকী ভাৰততক বাদ দি যিসমূহ মেচ অনুষ্ঠিত হ’ব সেই সকলো পাকিস্তানত অনুষ্ঠিত কৰিব।

আই চি চিৰ ভিতৰৰ খবৰৰ মতে এইদৰেই হাইব্ৰিড মডেলত প্ৰতিযোগিতাখন অনুষ্ঠিত কৰিবলৈ সাজু হৈছে পাক ক্ৰিকেট ব’ৰ্ড। ইফালে প্ৰতিযোগিতাৰ দুখন চেমি ফাইনেলৰ এখন ছেমি ফাইনেল অনুষ্ঠিত হ’ব পাকিস্তানত।

সেইদৰেই ফাইনেল মেচো পাকিস্তানতেই অনুষ্ঠিত কৰাৰ পৰিকল্পনা কৰা হৈছে যদিও এয়া ফাইনেলত উপনীত দল দুটাৰ ওপৰতেই নিৰ্ভৰ কৰিব। কিয়নো যদিহে ভাৰত ফাইনেলত প্ৰৱেশ কৰে তেন্তে মেচখন ডুবাইলৈ স্থানান্তিৰত কৰিব লাগিব।

Also Read: ৰাহুল গান্ধীলৈ হাৰিয়ানা বিজেপিয়ে প্ৰেৰণ কৰিছে ১ কেজি জেলেপি...

বি চি চি আই ক্ৰিকেট পাকিস্তান চেম্পিয়নছ ট্ৰফী