১৯ অনূৰ্ধ্ব এছিয়া কাপৰ ফাইনেলত ভাৰত...

১৯ অনূৰ্ধ্ব এছিয়া কাপত শ্ৰীলংকাক পৰাস্ত কৰি ফাইনেল সদম্ভে প্ৰৱেশ কৰিলে ভাৰতে। ৭উইকেটত শ্ৰীলংকাৰ পৰাস্ত কৰি বেটে-বলে পৰাক্ৰমী ভাৰতে প্ৰৱেশ কৰিলে ফাইনেল মেচত।

author-image
Asomiya Pratidin
New Update
japen

ডিজিটেল ডেস্কঃ  ১৯ অনূৰ্ধ্ব এছিয়া কাপত শ্ৰীলংকাক পৰাস্ত কৰি ফাইনেল সদম্ভে প্ৰৱেশ কৰিলে ভাৰতে। ৭উইকেটত শ্ৰীলংকাৰ পৰাস্ত কৰি বেটে-বলে পৰাক্ৰমী ভাৰতে প্ৰৱেশ কৰিলে ফাইনেল মেচত। অহা ৮ ডিচেম্বৰত এছিয়া কাপৰ ফাইনেল মেচ ভাৰতে খেলিব বাংলাদেশৰ বিৰুদ্ধে।

আজিৰ মেচখনত মেন অৱ দ্য মেচৰ খিতাপ লাভ কৰে বৈভৱ সূৰ্যবংশীয়ে। এইবাৰ আই পি এলত সৰ্বকনিষ্ঠ খেলুৱৈ হিচাপে ১কোটিৰো অধিক টকাত ৰাজস্থান ৰয়েলছে ক্ৰম কৰা বৈভৱে ৩৬টা বলত সংগ্ৰহ কৰে ৬৭ৰাণ। 

প্ৰথমে বেটিং কৰি শ্ৰী লংকাই ভাৰতক বান্ধি দিয়ে ১৭৪ৰাণৰ লক্ষ্য। এই লক্ষ্যৰ পিচা কৰি ভাৰতে ২১.৪অভাৰত ৩উইকেট হেৰুৱাই ভাৰতে ১৭৫ৰাণ সংগ্ৰহ কৰি বিজয় সাব্যস্ত কৰে। 

ভাৰত