Advertisment

ওদালগুৰি প্ৰীমিয়াৰ লীগৰ আৰম্ভ...

ওদালগুৰি ইউপিএল(UPL) খেল পৰিচালনা সমিতিৰ উদ্যোগত আৰু এম‌.এম কনষ্ট্ৰাকছনৰ সৌজন্যত আজিৰে পৰা ওদালগুৰিত অনুষ্ঠিত হৈছে দ্বিতীয় সংস্কৰণৰ ওদালগুৰি প্ৰীমিয়াৰ লীগ-২০২৪। সেই উপলক্ষে আজি ৰাতিপুৱা ইউপিএলৰ পতাকা উত্তোলন কৰে উপসভাপতি মৃদুল বৰ্মণে। 

author-image
Asomiya Pratidin
New Update
ওদালগুৰি প্ৰীমিয়াৰ লীগ

ডিজিটেল সংবাদ ওদালগুৰিঃ ওদালগুৰি ইউপিএল(UPL) খেল পৰিচালনা সমিতিৰ উদ্যোগত আৰু এম‌.এম কনষ্ট্ৰাকছনৰ সৌজন্যত আজিৰে পৰা ওদালগুৰিত অনুষ্ঠিত হৈছে দ্বিতীয় সংস্কৰণৰ ওদালগুৰি প্ৰীমিয়াৰ লীগ-২০২৪। সেই উপলক্ষে আজি ৰাতিপুৱা ইউপিএলৰ পতাকা উত্তোলন কৰে উপসভাপতি মৃদুল বৰ্মণে। 

Advertisment

বন্তি প্ৰজ্বলন কৰে শুভাকাংক্ষী গিতিকা দাসে। ইয়াৰ পাছত ইউপিএলৰ ট্ৰফী উন্মোচন কৰে সমাজসেৱক মিনন মোচাহাৰীয়ে।

লগে লগে প্ৰতিযোগিতাখনি মুকলি কৰে বিটিচিৰ কাৰ্যবাহী সদস্য সঞ্জিৎ তাঁতীয়ে। প্ৰতিযোগিতাৰ মুকলি অনুষ্ঠানত উপস্থিত থাকি জিলা ক্ৰীড়া বিষয়া সঞ্জয় দৈমাৰীয়ে পৰিচালনা সমিতিক ধন্যবাদ জ্ঞাপন কৰে।

ইয়াৰ পাছতে প্ৰতিযোগিতাখনিৰ প্ৰথমখন খেল পূৱ নগৰ মেধিপাৰা বনাম অ'এমচিচিৰ মাজত অনুষ্ঠিত হয়। প্ৰথমে বেট ধৰি পূৱনগৰে নিৰ্ধাৰিত ২০ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই ১৫২ ৰাণ সংগ্ৰহ কৰে।

ইয়াৰ প্ৰত্যুত্তৰত বেট ধৰি অ'এমচিয়ে ২০ অভাৰত ৯ টা উইকেট পতনেৰে মাত্ৰ ১২৯ ৰাণতে ইনিংছ সামৰে। আজিৰ খেলখনৰ শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰে পূৱ নগৰৰ নয়ন কলিতাই।

ওদালগুৰি ক্ৰিকেট